ETV Bharat / state

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ন্যায় যোদ্ধা হ'বলৈ আহ্বান অলকা লাম্বাৰ

Congress Leader Alaka Lamba : কংগ্রেছৰ উদ্যোগত দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো ন্যায় যাত্রা । মণিপুৰৰ পৰা আৰম্ভ হোৱা এই যাত্রা অহা ২০ জানুৱাৰীত লখিমপুৰত প্ৰবেশ কৰিব । তাৰে প্ৰস্তুতিৰ বিষয়ে সদৰী কৰি লখিমপুৰত মঙলবাৰে কংগ্রেছে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত অংশগ্রহণ কৰি সৰ্বভাৰতীয় মহিলা কংগ্রেছৰ সভানেত্রী অলকা লাম্বাই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে ।

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:40 PM IST

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ন্যায় যোদ্ধা হ'বলৈ আহ্বান অলকা লাম্বাৰ
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ন্যায় যোদ্ধা হ'বলৈ আহ্বান অলকা লাম্বাৰ
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত অলকা লাম্বাৰ সংবাদমেল

লখিমপুৰ, ১৬ জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা ৰাজনৈতিক হ'লেও আচলতে এই যাত্রা নিষ্পেষিতজনৰ মুক্ত কণ্ঠ । এই মন্তব্য সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাৰ । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশ সন্দৰ্ভত লখিমপুৰত এক সংবাদমেল সম্বোধন কৰি অলকা লাম্বাই এনেদৰে কয় ।

তেওঁ কয়, ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্রেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্রা এতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰালৈ পৰিৱৰ্তন কৰা হৈছে । ভাৰত জোড়ো ন্যায় যাত্রা ৰাজনৈতিক হ'লেও আচলতে এই যাত্রা নিষ্পেষিতজনৰ মুক্ত কণ্ঠৰহে এক মঞ্চ । যোৱা ১৪ জানুৱাৰীত মণিপুৰত আৰম্ভ কৰা এই যাত্রা অহা ২০ মাৰ্চত মুম্বাইত সামৰণি পৰিব । এই যাত্রাই নিষ্পেষিতজনৰ কণ্ঠ হিচাপে কাম কৰিছে । কিয়নো 'বেটী বচাও বেটী পঢ়াও' শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত বিভিন্ন ৰাজ্যত মা-বেটী লাঞ্ছিত হৈছে । নিৰ্যাতন, ধৰ্ষণৰ বলি হৈছে তেওঁলোক । সুৰক্ষা দিব পৰা নাই চৰকাৰে । নিবনুৱা সমস্যা সমাধান, বয়বস্তুৰ মূল্যবৃদ্ধি আদি সকলো দিশতে চৰকাৰ ব্যৰ্থ ।

ভাৰত জোড়ো ন্যায় যাত্রাই এই সকলো দিশক জনগণৰ মাজলৈ নি তেওঁলোকৰ কণ্ঠ হিচাপে কাম কৰিছে । তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সমালোচনা কৰি কয় যে মণিপুৰ জ্বলি আছে । কিন্তু মণিপুৰত ভৰি দিবলৈ তেওঁৰ সময় নাই । সাগৰৰ তীৰত ফটো উঠিবলৈ সময় পোৱা নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন নহয় । মণিপুৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বাৰাণসী, মধ্যপ্ৰদেশ আদি বিভিন্ন ৰাজ্যত নাৰীৰ ওপৰত নিৰ্যাতন চলিছে । এনে নিৰ্যাতন ৰোধত চৰকাৰ ব্যৰ্থ ।

প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ স্বাধীনতা দিৱসৰ দিনা আজাদী কা অমৃত মহোৎসৱৰ কথা কোৱাৰ দিনাই ১১ জনকৈ বলাৎকাৰীক মুকলি কৰি দিয়া হ'ল বুলি ক্ষোভ প্ৰকাশ কৰি অলকা লাম্বাই কয়, ৩৩ শতাংশ মহিলা সংৰক্ষণৰ বিধেয়ক গৃহীত কৰিও চৰকাৰে সঠিক ৰূপত বিধেয়কখন প্ৰয়োগ কৰিব নোৱাৰিলে । কৃষকৰ বাবেও একো কৰিব নোৱাৰিলে মোদী চৰকাৰে । অসমত চৰকাৰে ভাৰত জোড়ো ন্যায় যাত্রা প্ৰতিহত কৰিবলৈ শক্তি প্ৰয়োগ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, চৰকাৰে যিমানে বাধা দিব কংগ্রেছে ৰাইজক লগত লৈ দুগুণ শক্তিৰে ন্যায় যাত্রাত জঁপিয়াই পৰিব ।

তেওঁ সকলোকে এই যাত্রাৰ অংশীদাৰী হৈ ন্যায় যোদ্ধা হ'বলৈ আহ্বান জনায় । ন্যায় যোদ্ধা হ'বলৈ ইচ্ছা কৰাসকলে 9891802024 নম্বৰত মিছকল দি অংশীদাৰ হ'বলৈও আহ্বান জনায় । আনহাতে, ২০২৪ চনত কংগ্রেছ দল ক্ষমতালৈ আহিলে মহিলা সংৰক্ষণ ব্যৱস্থাসহ ন্যায়ৰ ব্যৱস্থা, কৃষক, নিবনুৱা সকলোৰে স্বাৰ্থ আগত ৰাখি কাম কৰিব বুলি সংবাদমেলখনত সদৰী কৰে সৰ্বভাৰতীয় মহিলা কংগ্রেছৰ সভানেত্রীগৰাকীয়ে ।

সংবাদমেলখনৰ আঁতধৰে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র জয়প্ৰকাশ দাসে । আৰম্ভ কৰে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই । সংবাদমেলখনত কংগ্রেছৰ জাকিৰ হুছেইন শিকদাৰ, বিকাশ উপাধ্যায় আদিয়েও অংশগ্রহণ কৰে ৷ তেওঁলোকে অহা ২০ জানুৱাৰীত লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্রাৰে ৰাহুল গান্ধীয়ে দিনটো থাকিব বুলি কয় । পুৱাবেলা লখিমপুৰত পদযাত্রা কৰি দুপৰীয়া জিলাখনৰ লালুকত এক সভাত ৰাহুল গান্ধীয়ে ৰাইজক উদেশ্য কৰি ভাষণ দিব বুলি কংগ্রেছৰ নেতৃবৰ্গই প্ৰকাশ কৰে ।

লগতে পঢ়ক :আপক সমালোচনা কৰি প্ৰচাৰ নকৰিবলৈ দলীয় নেতাক আহ্বান কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.