লখিমপুৰ,১৪ অক্টোবৰ: লখিমপুৰত এহেজাৰযোৰা দম্পতীৰ সামুহিক বিবাহ । বিৰ দি বাট নোপোৱা অৱস্থা লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্র । শুকুৰবাৰে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত এহেজাৰযোৰা দম্পতীৰ সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন হয়(Community marriage held in Lakhimpur) । লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্যা হাঞ্চ ফাউন্ডেশনৰ সহযোগত অনুষ্ঠিত হোৱা এই সামূহিক বিবাহ অনুষ্ঠানত লোকাৰণ্য হৈ পৰে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্র ।
দাম্পত্য জীৱন আৰম্ভ কৰিও আৰ্থিক তথা বিভিন্ন সমস্যাৰ বাবে ইচ্ছা থকা স্বত্বেও সমজুৱাভাৱে বিবাহ সম্পন্ন কৰিব নোৱৰা আৰু অৰ্থাভাৱত বিবাহত বহিব নোৱাৰা যুৱক-যুৱতী সকলে এই সামূহিক বিবাহ অনুষ্ঠানৰ জৰিয়তে বিবাহ সংস্কাৰ লাভ কৰি অতিকে সুখী বুলি উল্লেখ কৰে । লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিয়ে আয়োজন কৰা এই বিবাহ অনুষ্ঠান বৈদিক, বিধিপাঠ, শলিতা জ্বলোৱা, ভকতীয়া, আদি বিভিন্ন পদ্ধতিৰে সম্পন্ন কৰা হয় ।
এই সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে দ্যা হান্স ফাউন্ডেশনৰ প্ৰতিষ্ঠাপক ভোলে মহাৰাজ জী আৰু মাতা মংগলাই । অনুষ্ঠানটোত সহযোগ কৰে জিলা উপায়ুক্ত সুমিত সাত্তাৱান, আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, সত্ৰাধিকাৰ বিষ্ণু দেৱ গোস্বামী, ভৱদেৱ গোস্বামীকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে । সকলোৱে দৰা কইনাক প্ৰদান কৰে আশীর্বাদ ।
বিবাহ সংস্কাৰ অনুষ্ঠানত অংশগ্রহণ কৰা দম্পতী সকলক দৰা-কইনাৰ সাজৰ লগতে নিত্য ব্যবহার্য কিছু সামগ্রী উপহাৰ স্বৰূপে প্ৰদান কৰা হয়। । উল্লেখ্য যে লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিয়ে ইতিমধ্যে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত ৫৮৮ যোৰা, বগীনদীত ২৭৩ যোৰা, আৰু হাৰমতীত ২৪২ যোৰা দম্পতীৰ সামূহিক বিবাহ সম্পন্ন কৰিছে । এই তিনিটা বিবাহ সংস্কাৰ অনুষ্ঠানৰ পাছত শুকুৰবাৰে এহেজাৰ যোৰা দম্পতীৰ সামুহিক বিবাহ সংস্কাৰ অনুষ্ঠান সম্পন্ন কৰে সমিতিয়ে । এই সামূহিক বিবাহ অনুষ্ঠান উপলক্ষে পুৰোহিতৰ মন্ত্রধ্বনিত মুখৰিত হৈ উঠে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্র ।
লগতে পঢ়ক: Sadou Asom Lekhika Samaroh: শিৱসাগৰত সদৌ অসম লেখিকা সমাৰোহৰ অধিৱেশন