ETV Bharat / state

নাৰায়ণপুৰত বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor day) পালন

আজি বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor day)। ৰক্ত দাতাসকলক উৎসাহিত কৰাৰ বাবে আৰু ৰক্ত দানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে সমগ্ৰ বিশ্ববাসীয়ে ৰক্তদাতা দিৱস পালন কৰিছে । এই বিশেষ দিনটোত ৰাজ্যতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সোমবাৰে বিশ্ব ৰক্ত দাতা দিৱস উপলক্ষে নাৰায়ণপুৰ(Narayanpur)ত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে টীম হিউমেনিটীয়ে ।

World Blood Donor day
বিশ্ব ৰক্তদাতা দিৱস পালন
author img

By

Published : Jun 14, 2021, 4:36 PM IST

বিহপুৰীয়া, ১৪ জুন: ৰক্ত দানৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বাবে ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী ৰক্তদাতা সংস্থা টীম হিউমেনিটী(Team Humanity)য়ে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে । সোমবাৰেও আজি বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor day) উপলক্ষে এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে সংস্থাটোৱে ।

বিশ্ব ৰক্তদাতা দিৱস পালন

নাৰায়ণপুৰত বহু বছৰ পূৰ্বে ৰক্তদান কৰাৰ মহান কাম আৰম্ভ কৰাৰ লগতে ৰক্তদানৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ প্ৰয়াস কৰি অহা অমূল্য গগৈ, প্ৰতাপ কোঁৱৰ আৰু হেমন্ত গগৈক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় সংস্থাটোৱে ।

লগতে এটিকৈ গছপুলি উপাহাৰ হিচাপে দিয়ে । হেমন্ত গগৈয়ে পোনপ্ৰথমবাৰৰ বাবে নাৰায়ণপুৰত নিজা প্ৰচেষ্টাৰে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছিল । এই অনুষ্ঠানৰ জৰিয়তে সজাগতা সৃষ্টিৰ লগতে ৰক্ত দাতাসকলক উৎসাহিত কৰাৰ বাবে সংস্থাটোৱে ক'ভিড প্ৰট'কল ৰক্ষা কৰি এই অনুষ্ঠানটি অনুষ্টুপীয়াকৈ আয়োজিত কৰে ।

লগতে পঢ়ক:দক্ষিণ কলাডুবাত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.