বিহপুৰীয়া, 1 মাৰ্চ : সমাগত বাৰিষা ! ক্ৰমাৎ টোপনি নাইকিয়া হৈছে নৈপৰীয়াৰ সকলৰ ৷ লখিমপুৰ জিলাৰ অন্তৰ্গত বিহপুৰীয়া সমষ্টিৰ বনপুৰৈৰ জামুগুৰিত বাৰিষা অহাৰ আগৰ পৰাই চপৰাচপৰে খহিবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ গঢ়া ৷ কিছু বছৰৰ পূৰ্বে বৰআটি, বোকাদোৱা আৰু চেলেক নামৰ তিনিখনকৈ গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছতো জলসম্পদ বিভাগে খহনীয়াৰ পৰা গঞাক উদ্ধাৰ কৰাৰ বাবে কোনো ধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰে ৷
কেৱল বাৰিষা আহিলে কেইটামান বাঁহৰ পাৰ্কুম পাইনেৰে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগটোৱে ৷ উক্ত স্থানত ইতিমধ্যে দুবাৰকৈ মন্ত্ৰী কেশৱ মহন্তই বনপুৰৈবাসীক চেহেৰা দেখুৱাবলৈ আহে যদিও এই পৰ্যন্ত খহনীয়া ৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো উক্ত স্থানত একেই দৃশ্য ৷ প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ গৰা খহাৰ ফলত মথাউৰি পাবলৈ আৰু প্ৰায় ৫০ মিটাৰ বাকী ৷ আনহাতে, মথাউৰি খহিলে কিমানখন গাওঁ নিঃশেষ হৈ যাব সেয়া কল্পনাৰো অতীত ৷