ETV Bharat / state

World Bicycle Day: বিশ্ব চাইকেল দিৱসৰ দিনা চৰ্চালৈ এখন বিশেষ চাইকেল

author img

By

Published : Jun 3, 2023, 8:04 PM IST

Updated : Jun 4, 2023, 9:21 AM IST

প্ৰতিবছৰৰ দৰে এইবছৰেও সমগ্ৰ বিশ্বই এইবাৰো পালন কৰিছে বিশ্বই চাইকেল দিৱস (World Bicycle Day) । বিশ্ব চাইকেল দিৱসৰ দিনা চৰ্চা লাভ কৰিছে এখন বিশেষ চাইকেলে । কিয় লখিমপুৰত এখন চাইকেল হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Bicycles made in Birmingham reserved in Lakhimpur
বিশ্ব চাইকেল দিৱসৰ দিনা চৰ্চালৈ এখন বিশেষ চাইকেলে

লখিমপুৰ,৩ জুন: আজি বিশ্ব চাইকেল দিৱস (World Bicycle Day) । প্ৰতিবছৰে ৩ জুন তাৰিখটোত সমগ্ৰ বিশ্বই চাইকেল দিৱস হিচাপে পালন কৰি আহিছে । প্ৰদূষণমুক্ত তথা কম খৰচী আৰু স্বাস্থ্যৰ বাবে উপকাৰী চাইকেলখন সকলোৰে প্ৰিয় । আজি বিশ্ব চাইকেল দিৱসৰ দিনা চৰ্চা লাভ কৰিছে এখন বিশেষ চাইকেলে ।

লখিমপুৰৰ এটা পৰিয়ালত সংৰক্ষিত হৈ থকা এই বিশেষ চাইকেলখন চাবলৈ উৎসুক অঞ্চলটোৰ ৰাইজ । লখিমপুৰ নগৰৰ এক নং ৱাৰ্ডৰ নকাৰীৰ দিনেন গোহাঁইবৰুৱা আৰু অঞ্জনা গোহাঁইবৰুৱাৰ ঘৰত সংৰক্ষিত হৈ আছে এই বিশেষ চাইকেলখন । দেখাত সাধাৰণ যেন লাগিলেও কিন্তু এইখন সাধাৰণ চাইকেল নহয় (A special bicycle in Lakhimpur) ।

এই চাইকেলখন ইংলণ্ডৰ বাৰ্মিংহামত নিৰ্মিত । বাৰ্মিংহামৰ আয়চলুকেচেল নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰা এই চাইকেলখনৰ ক্ৰমিক সংখ্যা হল ৮২ (Bicycles made in Birmingham reserved in Lakhimpur) । ইংলেণ্ডৰ পৰা ব্ৰিটিছ শাসন কালৰ আনুমানিক ১৮৭০ চনত ভাৰতলৈ আমদানি কৰা এই চাইকেলখন কলিকতাৰ পৰা ক্ৰয় কৰিছিল লখিমপুৰৰ ইংৰাজৰ দিনৰ দাৰোগা আৰু পাচলৈ চাৰিটা মৌজাৰ মৌজাদাৰ হিচাপে প্ৰখ্যাত হোৱা ব্যক্তি ঘিনাৰাম গোহাঁই বৰুৱাই ।

তেতিয়াৰে পৰা পুৰুষানুক্ৰমে তেওঁলোকৰ পৰিয়ালত সংৰক্ষিত হৈ আছে এই চাইকেলখন । সম্প্ৰতি চাইকেলখন আছে ঘিনাৰাম গোহাঁই বৰুৱাৰ পৰনাতি দিনেন গোহাঁইবৰুৱা আৰু অঞ্জনা গোহাঁইবৰুৱাৰ পৰিয়ালত । তেওঁলোকে এই চাইকেলখন বংশৰ এক ঐতিহ্য আৰু স্মাৰক ৰূপে সযতনে ৰাখিছে ।

লক্ষ্যণীয় যে চাইকেলখন আজিও সচল হৈ আছে । সচল কৰি ৰখাৰ স্বাৰ্থত চাইকেল খনৰ যন্ত্রাংশ সামান্য সালসলনি কৰিবলগীয়া হৈছে যদিও সৰহভাগেই বিদেশত নিৰ্মিত অৱস্থাতে আছে। ইতিহাসক সোঁৱৰাই থকা এই অগতানুগতিক ফ্ৰেমেৰে নিৰ্মিত চাইকেলখন চাবলৈ এতিয়াও বহু লোকে তেওঁলোকৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হয় ।

গোহাঁই বৰুৱাৰ পৰিয়ালটোৱেও তেওঁলোকৰ আজোককাকে ক্ৰয় কৰা বিদেশী চাইকেলখন দেখুৱাবলৈ পাই গৌৰৱবোধ কৰে । গৌৰৱ অনুভৱ কৰে ব্ৰিটিছৰ দিনতে বিদেশী চাইকেল ক্ৰয় কৰি চলোৱা পৰিয়ালৰ লোক হিচাপে । ব্যতিক্রমী এই চাইকেলখন পৰিয়ালটোৱে সযতনে ৰাখি আজি বিশ্ব চাইকেল দিৱসৰ দিনা চাইকেলখনক লৈ ইতিহাস সুঁৱৰি লগতে বংশ মৰ্যাদাক স্মৰণ কৰি পুনৰবাৰ গৌৰৱত উতলি উঠিছে ।

লগতে পঢ়ক: Inauguration of Gram Panchayat office: মৰাণত গাঁও পঞ্চায়তৰ নৱ-নিৰ্মিত কাৰ্যালয় উদ্বোধন

Last Updated : Jun 4, 2023, 9:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.