ETV Bharat / state

মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে ঐতিহ্যমণ্ডিত বেলগুৰি সত্ৰত পালনাম

author img

By

Published : Apr 29, 2021, 9:00 PM IST

বৃহস্পতিবাৰে, সীমিত সংখ্যক ভকতেৰে অনুষ্ঠিত কৰা হয় ঐতিহ্যমণ্ডিত ধুৱাহাট বেলগুৰি সত্ৰৰ পালনাম ৷ সীমিত সংখ্যক ভকতৰ উপস্থিতিত ক’ভিড প্ৰটকল মানি অনুষ্ঠিত হয় পালনামভাগ ৷

BELAGURI SATRA PALNAM
মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে ঐতিহ্যমণ্ডিত বেলগুৰি সত্ৰত পালনাম

বিহপুৰীয়া , 29 এপ্ৰিল : দেশৰ পৰা কৰ’ণা মহামাৰী আৰু ইয়াৰ দ্বাৰা সৃষ্ট অশান্ত পৰিস্থিতি দূৰ হোৱাৰ স্বাৰ্থত, বৃহস্পতিবাৰে নাৰায়ণপুৰৰ মণিকাঞ্চন সংযোগ ক্ষেত্ৰ ধুৱাহাট বেলগুৰিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় পালনাম ৷ প্ৰবাদ আছে যে, গুৰুজনাই পোন প্ৰথমে ধুৱাহাট বেলগুৰি সত্ৰতে পালনামৰ আৰম্ভ কৰিছিল ৷

প্ৰতিবছৰে আয়োজন হোৱা পালনাম ভাগ এইবেলি সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি সীমিত সংখ্যক ভকতেৰে অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্য যে, ঐতিহ্যমণ্ডিত সত্ৰখনত বৃহস্পতিবাৰৰ দিনটোতেই নৱ-নিৰ্মিত সত্ৰাধিকাৰৰ গৃহৰ (বঢ়াৰ) আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে ৷

জানিব পৰা মতে, সম্পূৰ্ণ সামাজিক দূৰত্ব মানি অনুষ্ঠিত পালনামভাগত মাত্ৰ পোন্ধৰগৰাকী ভকতৰ বাহিৰে এইবাৰ নিমন্ত্ৰণ জনোৱা হোৱা নাই অন্য ভকতক ৷

লগতে পঢ়ক : ডিজিপি কাৰ্যালয়ৰ সমীপৰ এটিএমত লুটপাত দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.