লখিমপুৰ,3 নৱেম্বৰ: দেওবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আৰু আইমাতৃ সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । উপস্থিত হাজাৰ হাজাৰ লোকক মুগ্ধ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে ভাৱগধুৰ আধ্যাত্মিক ভাষণ । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় - "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সমাজ ব্যৱস্থা জীয়াই ৰাখিবলৈ হ'লে লাগিব ধৰ্ম চৰ্চা । লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে বৃহৎ অনুষ্ঠানৰ । সকলোৰে মনত ভক্তি ভাৱ থাকিলেহে একগোট হৈ থাকিব অসমীয়া সমাজ । অবিভাৱকসকলে সন্তানক বিদ্যালয় লৈ পঠিওৱাৰ উপৰিও দিব লাগিব সমাজ সংস্কাৰৰ দিহা পৰামৰ্শ । ধৰ্ম চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব ।"
শ্ৰীমন্ত শংকৰদেৱ সংঘই সমাজ ব্যৱস্থাৰ প্ৰতি কৰি অহা কৰ্মৰাজিৰো মুখ্যমন্ত্ৰীগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে । অধিবেশনৰ অন্তিম দিনৰ মুকলি সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক: চীন-থাই সাংস্কৃতিক দলে ভ্ৰমণ কৰিব কলিয়াবৰ মহাবিদ্যালয়