ETV Bharat / state

কংগ্ৰেছে বিজেপিক কি দিছিল যিটো বিজেপিয়ে কংগ্ৰেছক এতিয়া দিয়া নাই ? - কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

Bhupen Borah Visits Lakhimpur: বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ তেওঁ কয়, ‘‘কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিক প্ৰতিবাদ আৰু সভা পাতিবলৈ অনুমতি দিছিল, কিন্তু বৰ্তমান বিজেপিয়ে কংগ্ৰেছক প্ৰতিটো ক্ষেত্ৰত বাধা দিছে ৷’’

APCC Leader Bhupen Borah Slams Assam Govt
বিজেপিৰ দিনত কংগ্ৰেছক দিয়া নাই পথ আৰু ফিল্ড
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 7:01 PM IST

বিজেপিৰ দিনত কংগ্ৰেছক দিয়া নাই পথ আৰু ফিল্ড

লখিমপুৰ, 14 জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত অসমত 18 জানুৱাৰীৰ পৰা হ’বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্ৰেছে ৷ দেওবাৰে লখিমপুৰত উপস্থিত হৈ প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সভাৰ পাচতে সাংবাদিকৰ আগত বিজেপি তথা বৰ্তমানৰ চৰকাৰকৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱালক বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদ কৰিবলৈ অনুমতি দিছিল ৷ ঠিক সেইদৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদীৰ জনসভা পাতিবলৈ অনুমতি দিছিল তেতিয়াৰ কংগ্ৰেছ চৰকাৰে ৷ যেতিয়া গোগামুখত বিজেপিৰ সভা হৈছিল তেতিয়া আমাৰ মন্ত্ৰী, বিধায়ক চৰকাৰ আছিল ৷ তেতিয়াটো বিজেপিৰ এজন দলীয় কৰ্মীয়ে ক’ব পৰা নিছিল কংগ্ৰেছে সভা পাতিবলৈ অনুমতি দিয়া নাছিল বুলি ৷ কিন্তু বিজেপি চৰকাৰে এতিয়া কংগ্ৰেছক পথেৰে খোজ কাঢ়িবলৈও অনুমতি নিদিয়ে ৷ আমি মাত্ৰ 80 কিঃমি পথহে খোজ কাঢ়িব বিচাৰিছিলো ৷ কিন্তু বিজেপি চৰকাৰখনে অন্যায় কৰি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান কৰা নাই পথ আৰু খেলপথাৰসমূহৰ ৷’’

তেওঁ লগতে কয়, ‘‘অহা 20 জানুৱাৰীৰ দিনা পুৱা গোগামুখৰ পৰা লখিমপুৰ অভিমুখে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হ’ব যদিও লখিমপুৰত হে পদযাত্ৰা কৰিব ৷ কিন্তু সেই পদ যাত্ৰাৰ বাবেও অনুমতি দিব বিচৰা নাই চৰকাৰে ৷ তথাপিও 18-25 জানুৱাৰীলৈক প্ৰকাশ পাব মুখ্যমন্ত্ৰীৰ দুৰ্নীতি ভ্ৰষ্ট্ৰাচাৰ আদিৰ বিষয়বিলাক ৷ সেই সমূহ বিষয়ৰ পৰা ৰাইজক বিচলিত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰিছে ৷’’

লগতে পঢ়ক : নিজৰ সন্তানক বিদেশত ৰাখি অসমৰ প্ৰজন্মক উচতাই ধ্বংস কৰিব বিচাৰে হীৰেন গোঁহাইয়ে: মানৱ ডেকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.