ETV Bharat / state

শিক্ষাগুৰুৱে শৈক্ষিক ক্ষেত্রৰ পৰিৱৰ্তন সাধন কৰিব পাৰে :কেশৱ মহন্ত - anandaram baruah award presented in lakhimpur

সমগ্র ৰাজ্যৰ লগতে লখিমপুৰতো আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় । এই বঁটা প্ৰদান কৰে মন্ত্রী কেশৱ মহন্তই । জিলাখনৰ ১,২৮৩ গৰাকী ছাত্র-ছাত্রীক এই বঁটা প্ৰদান কৰা হৈছে ।

Anandaram Baruah Award 2023
আনন্দৰাম বৰুৱা বঁটা ২০২৩
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:11 PM IST

আনন্দৰাম বৰুৱা বঁটা ২০২৩

লখিমপুৰ, ২৯ নবেম্বৰ : লখিমপুৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই । বুধবাৰে ৰাজ্যৰ জিলাই জিলাই মেধাবী ছাত্র -ছাত্রী সকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় । লখিমপুৰৰ ত্যাগ ক্ষেত্রত এই বটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । এই বঁটা প্ৰদান কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই । চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত শতকৰা ৭৫ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্র -ছাত্রী সকলক এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয় ।

মন্ত্রী কেশৱ মহন্তই কয় যে বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাৰ নামত প্ৰৱৰ্তন কৰা এই বঁটাৰ জৰিয়তে মুখ্যমন্ত্রীয়ে প্ৰতিজন ছাত্র-ছাত্রীক একোজন আনন্দৰাম বৰুৱা হিচাপে চাবলৈ প্ৰয়াস কৰিছে । শিক্ষাগুৰুৱে শৈক্ষিক ক্ষেত্রৰ পৰিৱৰ্তন সাধন কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে শিক্ষা প্রতিষ্ঠানৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰি দিব । কিন্তু শৈক্ষিক ক্ষেত্রৰ মানৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰিব লাগিব শিক্ষাগুৰুসকলে । ইয়াৰ বাবে তেওঁ শিক্ষাগুৰুৰ লগত ছাত্র- ছাত্রী, অভিভাবক আদি সকলোকে সহযোগিতা কৰাৰ আহ্বান জনায় ।

আদৰণি ভাষণ দিয়ে জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্র শইকীয়াই । জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই এই বঁটাই ছাত্র ছাত্রী সকলক প্ৰেৰণা দিব বুলি উল্লেখ কৰি দৰিদ্ৰ পৰিয়ালৰ ছাত্র -ছাত্রী সকলক কিছু পৰিমাণে হ'লেও সকাহ দিব বুলি আশা প্ৰকাশ কৰে । তেওঁ বঁটাৰ ধনৰাশিৰ যাতে সদব্যৱহাৰ কৰা হয় তাৰ বাবে চকু দিবলৈ অভিভাবকসকলক আহ্বান জনায় ।

উল্লেখ্য জিলাখনৰ মুঠ ১ হেজাৰ ২৮৩ গৰাকী ছাত্র -ছাত্রীক এই বঁটা প্ৰদান কৰা হয় । বঁটা প্ৰাপ্ত সকলৰ ৪২১ গৰাকী ডিষ্ট্ৰিংচন আৰু ৮৬২ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে । জিলাখনত যোৱাটো পৰীক্ষাত মুঠ ১৭হেজাৰ ৮৭৩ গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীৰ্ণ হৈছিল । ইয়াৰে ৪ হেজাৰ ৮৯৩ গৰাকী প্ৰথম, ৬ হেজাৰ ৭৮৪ গৰাকী দ্বিতীয় আৰু ১ হেজাৰ ৮৬৯ গৰাকীসহ মুঠ ১৩ হেজাৰ ৫৪৬ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হৈছিল । আনহাতে,পাঁচ গৰাকী মেধাবী ছাত্র -ছাত্রীয়ে এই পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হয় । তেওঁলোকৰ ভিতৰত ৰাজীব পালে চতুৰ্থ, কিন্নৰি দত্তই পঞ্চম, কুলদীপ হাজৰিকাই অষ্টম ,অংকিতা শইকীয়াই নৱম আৰু পলক জাজুৱে নৱম স্থান লাভ কৰিবলৈ সক্ষম হয়।

বিধায়ক অমিয় কুমাৰ ভূঞা, পৌৰপতি নিবেনিতা দত্ত, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, লখিমপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমীৰণ কোঁৱৰ, জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰা, অতিৰিক্ত উপায়ুক্ত ভাস্কৰ বৰুৱা, অগপৰ জিলা সভাপতি দীপক বৰদলৈ আদিয়ে এই অনুষ্ঠানত অংশগ্রহণ কৰে ।

লগতে পঢ়ক:তিনিচুকীয়াত আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.