ETV Bharat / state

Junmoni Rabha Mysterious death: জোনমণি ৰাভাৰ লখিমপুৰ অভিযানৰ বিতং বৰ্ণনা আজগড় আলীৰ

author img

By

Published : May 18, 2023, 5:27 PM IST

Updated : May 18, 2023, 6:29 PM IST

সংবাদমাধ্যমৰ আগত মুখ খুলিলে আত্মগোপন কৰি থকা এজাহাৰকাৰী আমিনা খাতুনৰ পুত্ৰ আজগৰ আলীয়ে ৷ CID যে অভিযান চলাই যোৱাৰ পাচতে আজগৰ আলীয়ে মুকলি আকাশৰ তললৈ আহি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সমগ্ৰ ঘটনা (Ajgar Ali commented on Junmoni Rabha raid )।

Amina khatun And Ajgar Ali commented on FIR Against Junmoni Rabha
জোনমণি ৰাভাৰ লখিমপুৰ অভিযানৰ বিতং বৰ্ণনা আজগড় আলীৰ

লখিমপুৰ, 18 মে' : ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নগাঁও জিলাৰ মৰিকলং আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণিৰ ৰাভাৰ আকস্মিক মৃত্যুৰ ঘটনাই (Junmoni Rabha Mysterious death)৷ যোৱা 16 মে’ৰ নিশা জখলাবন্ধাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল জোনমণিৰ মৃতদেহ ৷ ইয়াৰ পিচতে ঘটনা সন্দৰ্ভত চৰকাৰৰ নিৰ্দেশানুসৰি চি আই ডিয়ে আৰম্ভ কৰিছে জোনমণিৰ মৃত্যুৰ তদন্ত ৷

এনে সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছিল জোনমণি ৰাভাই লখিমপুৰৰ লখিমপুৰৰ দুই নং বৰচলাত যোৱা 6 মে’ তাৰিখে আজগৰ আলীৰ বাসগৃহত অভিযান চলাইছিল ৷ তাৰ পিচতে আজগৰৰ মাতৃ আমিনা খাতুনে যোৱা 12 মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল (Amina khatun And Ajgar Ali reaction)৷

ইফালে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত লখিমপুৰ জিলাৰ নাওবৈছাৰ বৰচলাত চলিছে CID ৰ তালাচী অভিযান৷ বুধবাৰে নিশা লখিমপুৰত উপস্থিত হোৱা চিআইডিৰ তিনি জনীয়া দল এটাই পুৱাৰে পৰা জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই আছে (Ajgar Ali commented on Junmoni Rabha raid) ৷ বৃহস্পতিবাৰে দলটোৱে পুৱা প্ৰথম অভিযান চলাই জোনমণি ৰাভাই অভিযান চলোৱা আমিনা বেগমৰ বাসগৃহত ৷

CIDৰ দলটোৱে জোনমণি ৰাভাই আটক কৰি পাচত এৰি দিয়া আমিনা খাতুনৰ পুত্ৰ আজগৰ আলীক বিচাৰি গৈছিল যদিও আত্মগোপন কৰিছিল আজগৰে ৷ লখিমপুৰ আৰক্ষীৰ সহযোগত আজগৰ আলীৰ বাসগৃহত CID য়ে চলোৱা অভিযানকালত আজগৰৰ মাতৃ আমিনা খাতুনক জেৰা চলাই (CID raid in Lakhimpur) ৷

আনহাতে CID যে অভিযান চলাই যোৱাৰ পাচতে আজগৰ আলীয়ে মুকলি আকাশৰ তললৈ আহি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সমগ্ৰ ঘটনা । প্ৰকৃততে কি হৈছিল সেই নিশা৷ আজগৰে কয়, "নিশাই আমাৰ ঘৰৰ দুৱাৰৰ টুকুৰিওৱাত মই দুৱাৰখন খুলি দিয়াৰ লগে লগে মোক জোনমণি ৰাভাই মোৰ হাতত হেণ্ডকাফ লগাইছিল ৷ মই বাৰে বাৰে মোৰ অপৰাধ কি বুলি সোধাৰ পিচতো কোনো উত্তৰ দিয়া নাছিল আৰক্ষীয়ে৷ লগে লগে তেওঁলোকে মোৰ ঘৰত তালাচী চলাই 80,000 টকা লৈ যোৱা লগতে মোৰ ভাতৃৰ ব্ৰীজা গাড়ীখনো লৈ যায়৷ মোক গাড়ীত উঠাই আৰক্ষী বিষয়াগৰাকীয়ে নগাঁৱলৈ যাব লাগিব বুলি কৈছিলে৷ মই বাবে বাৰে মোৰ অপৰাধ কি বুলি সোধাৰ পিচতো কোনো উত্তৰ দিয়া নাছিল জোনমণি মে’মে৷ ইয়াৰ পিচতে পুৱা পোহৰ হওঁতেই তেওঁলোকে বঙালমাৰাৰ কেইঘৰমান লোকৰ ঘৰত তালাচী চলাইছিল ৷ অভিযান শেষ কৰি চাহ খাবলৈ দুবাৰকৈ গাড়ী ৰখোৱা হৈছিল ৷ মোকো চাহ খাবলৈ দিওঁতে মই নাখাওঁ বুলি কোৱাৰ বাবে মোক অশ্লীল শব্দ কৈ গালি পাৰি মোৰ চাহৰ কাপটো দলিয়াই দিছিল জোনমণি ৰাভাৰ লগত অহা ৰিয়াজুল নামৰ এজন ল’ৰাই ৷ জোনমণি ৰাভাৰ লগত যোৱা দলটোৰ লগত অহা ৰাজা নামৰ লোকজনৰ ঘৰত মোৰ ঘৰৰ পৰা অনা গাড়ীখন থৈ দিয়া হৈছিল ৷ 6 লাখ টকা দিলেহে এই গাড়ীখন উলিয়াই দিয়া হ’ব আমাৰ ঘৰৰ লোকক কৈ থৈ গৈছিলআৰক্ষীসহ লগত অহা লোককেইজনে ৷ সেইমতে আমাৰ ঘৰৰ লোকে তেওঁলোকক আধা ধন অনলাইনযোগে আৰু আধা নগদ ধন প্ৰদান কৰিছিল ৷"

এই টকা আদায় দিয়াৰ পিচতে গাড়ীসহ আজগৰক এৰি দিয়ে জোনমণি ৰাভাসহ দলটোৱে ৷ ইয়াৰ ভিতৰত 90 হাজাৰ টকা ৰিয়াজুল ইছলামৰ একাউন্ট যোগেও আদায় কৰা হয় বুলি সদৰী কৰিছিল আজগৰে (FIR against Junmani Rabha)৷

উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাচতেই এতিয়া সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাত ব্যাপক চৰ্চা লাভ কৰিছে ৷ চি আই ডিৰ অভিযানত এই ঘটনাই কোনফালে মোৰ লয় সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: FIR against Jonmani Rabha: মৃত্যুৰ পূৰ্বে জোনমণিৰ বিৰুদ্ধে ৰুজু হৈছিল যুৱকক নিৰ্যাতনৰ গোচৰ

Last Updated : May 18, 2023, 6:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.