ETV Bharat / state

Murder for Ludu game: হত্যাৰ অভিযুক্ত আফজত আলীক গ্ৰেপ্তাৰ

author img

By

Published : May 18, 2022, 9:21 AM IST

Updated : May 18, 2022, 2:18 PM IST

লখিমপুৰত লুডু খেলৰ কাজিয়াক কেন্দ্ৰ কৰি সংঘটিত হোৱা হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ (Murder at Lakhimpur wedding) ৷ এজন যুৱকক ছুৰীৰে হানি হত্যা কৰি পলাতক হৈ আছিল অভিযুক্ত আফজত আলী ৷

accused-of-lakhimpur-murder-arrested
48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ অভিযুক্ত

লখিমপুৰ,18 মে’ : লখিমপুৰ আৰক্ষীৰ জালত পৰিল মৈমদীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত আফজত আলী (Lakhimpur murder accused arrested)৷ এজন যুৱকক ছুৰীৰে উপৰ্যুপৰি হানি-খুচি হত্যা কৰিছিল আফজতে ৷ দেওবাৰে নিশা লখিমপুৰৰ মৈদমীয়াত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড ৷ এখন বিবাহথলীত লুডু খেলক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটিছিল আফজত আৰু আন এজন যুৱকৰ মাজত (Clash in Ludu game)৷ দিনৰ ভাগত সেই কাজিয়া মীমাংসা হয় যদিও নিশা বিবাহথলীতেই আফজতে হত্যা কৰে যুৱকজনক ৷

এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্ত আফজত আলী ৷ কিন্তু ঘটনাৰ 48 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক(Accused of Lakhimpur murder arrested) ৷ হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছৰে পৰা অভিযুক্ত আফজত আলীয়ে নাওবৈচাত আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

ধৃত আফজতক ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোছ আৰম্ভ কৰিছে ৷ অভিযুক্তৰ গ্ৰেপ্তাৰৰ কথা শুনা মাত্ৰকে থানা চৌহদত উপস্থিত হয় শতাধিক স্থানীয় লোক ৷ উল্লেখ্য যে, আৰক্ষীৰ কবলৰ পৰা হাত সাৰিবলৈকে আফজতে সলনি কৰিছিল বেশভূষা ৷ অভিযুক্ত আফজতক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে ৰাইজে ৷

লগতে চাওক: বিবাহ থলীত তেজৰ ডোঙা; লুডু খেলৰ কাজিয়াত প্ৰাণ হেৰুৱালে এজনে

Last Updated : May 18, 2022, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.