লখিমপুৰ, 14 আগষ্ট : ৰাজ্য়ত ক'ভিড-19ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শুকুৰবাৰে লখিমপুৰ জিলাৰ নাৰায়নপুৰত এক দুৰ্ঘটনা সংঘটিত হয় ৷ পিচলা নৈৰ ওপৰত থকা বাহৰ দলং ভাঙি দুৰ্ঘটনা সংঘটিত হয় মটৰ চাইকেল আৰোহীৰ ৷
তথ্য অনুসৰি,লখিমপুৰৰ পৰা মিতিৰ খাবলৈ নাৰায়নপুৰলৈ আহিছিল এহাল দম্পতি ৷ পিচলা নৈৰ ওপৰত থকা বাহৰ দলঙখন পাৰ হ'বলৈ লওঁতে দলঙখন ভাঙি মটৰ চাইকেলৰ সৈতে দুৰ্ঘটনা সংঘটিত হয় দম্পতিহালৰ ৷
ইফালে,অঞ্চলটোত দীৰ্ঘদিনৰ পৰা ৰাইজে উক্ত ঠাইত বাঁহৰ দলঙৰে যাতায়ত অব্যাহত ৰাখিছে ৷ স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাক ৰাইজে দীৰ্ঘ সময় ধৰি পকী দলঙৰ বাবে বাৰাম্বাৰ অনুৰোধ জনাই আহিছিল যদিও আজিকোপতি বিধায়ক গৰাকীয়ে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰফলত শুকুৰবাৰে উক্ত অঞ্চলত দুৰ্ঘটনা সংঘটিত হোৱাৰ আকাংক্ষা কৰিছে ৰাইজে ৷
আনহাতে,দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচত স্থানীয় ৰাইজে অশেষ কষ্ট কৰি পানীৰ পৰা মটৰ চাইকেলখন উদ্ধাৰ কৰা বুলি গাঁওবাসীয়ে জানিব দিয়ে ৷ উক্ত দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে দম্পতিহাল ৷
উল্লেখ্য যে,ইয়াৰ পূৰ্বেও উক্ত অঞ্চলত বহুবাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উখাপন কৰিছে ৰাইজে ৷
লগতে পঢ়ক : এখন ভৰিৰে নৃত্য় চৰ্চা অব্যাহত গহপুৰৰ ৰাণীৰ