ETV Bharat / state

জঘন্য : শিক্ষকৰ কামনাৰ বলি ছাত্ৰী - Rape allegation on Tuition teacher

গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা ৷ লখিমপুৰৰ শিমলুগুৰিত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰঙতিত টিউচন কৰিবলৈ যোৱা দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ বলি হ’ল স্বয়ং টিউচন শিক্ষকৰ ৷

a student raped by tuition teacher at Bihpuria

author img

By

Published : Jul 18, 2020, 4:24 PM IST

বিহপুৰীয়া, 18 জুলাই: লখিমপুৰৰ শিমলুগুৰিত টিউচন কৰিবলৈ যোৱা দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ ৷ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰঙতিত টিউচন কৰিবলৈ যোৱা দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ জাহ্নু দিহিঙীয়া নামৰ টিউচন শিক্ষকজনৰ ওপৰত ৷

শিক্ষকৰ কামনাৰ বলি ছাত্ৰী

ভুক্তভোগীৰ ভাষ্য অনুসৰি, শুকুৰবাৰে বিয়লি ছাত্ৰীগৰাকীয়ে লগৰ কেইগৰাকী মানৰ লগত একেলগে টিউচন কৰাৰ পাছত বিদ্যুৎ ব্যাহত হোৱাত শিক্ষক জাহ্নু দিহিঙীয়াই ছাত্ৰীগৰাকীক ৰুমৰ ভিতৰলৈ লৈ যায় তাৰ পাচত ৰুমৰ দুৱাৰ বন্ধ কৰি বলাৎকাৰ কৰে ৷ এই জঘন্য ঘটনাৰ বলি হোৱাৰ পাচতেই ছাত্ৰীগৰাকীয়ে ঘৰলৈ আহি সকলো কথা পৰিয়ালক অৱগত কৰাত পিতৃয়ে লগে-লগে শিমলুগুৰি আৰক্ষী চকীত জাহ্নু দিহিঙীয়া বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু পৰিতাপৰ কথা এই যে, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰে ৷ ফলত পিতৃ-মাতৃ আৰু যুৱতীগৰাকী সহিতে স্থানীয় মহিলা আৰু নাৰী সংগঠনে আৰক্ষী চকীলৈ আহি আৰক্ষীক জবাবদিহি কৰে ৷

আনহাতে পীড়িত ছাত্ৰীগৰাকীক মেডিকেল কৰাৰ ব্যৱস্থাও নকৰাতো ক্ষুণ্ণ হৈ পৰে পিতৃ-মাতৃ লগতে স্থানীয় মহিলাসকল ৷ আৰক্ষীৰ চৰম গাফিলতিৰ বাবেই শাস্তিৰ পৰা বঞ্চিত হ’ব নেকি অভিযুক্ত শিক্ষকজন ৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী পৰিয়াল তথা স্থানীয় লোকৰ ৷

লগতে চাওক-জম্মু-কাশ্মীৰত ক’ভিড-19 ত মৃত্যু গহপুৰৰ চিআৰপিএফ জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.