ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - 11 AM TOP TEN BULLETIN

11 বজাৰ শীৰ্ষ দহটা খবৰ

11 AM TOP TEN BULLETIN
11 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 14, 2020, 11:06 AM IST

গাড়ী চালকক গুলীয়াই ধন লৈ উধাও দুৰ্বৃত্ত

পোহৰৰ উৎসৱৰ সময়তে ধেমাজিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শুকুৰবাৰে নিশা গোগামুখ থানাৰ পৰা ১০০ মিটাৰ নিলগতে সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । জানিব পৰা মতে গোগামুখৰ আৰআৰ মিলৰ সন্মুখত এজন গাড়ী চালকক গুলীয়াই ধন লৈ উধাও হয় দুজন হেলমেট পৰিহিত বাইক আৰোহী ।

বিটিচি নিৰ্বাচনৰ পাচতে জেললৈ যাব হাগ্ৰামা : প্ৰমোদ বড়ো

নৃত্য-গীতেৰে বিটিচিৰ নিৰ্বাচনী সভা উখল মাখল হৈ থকাৰ সময়তে ইউপিপিএলৰ সমৰ্থকৰ লগত পাঞ্জা খেলি শক্তি দেখুৱালে প্ৰমোদ বড়োৱে ৷ পাঞ্জাত জয়ী হৈ নিৰ্বাচনত জয়ী হোৱাৰ ইংগিত দিলে তেওঁ ৷

অসম সমবায় মৰাপাট কলে লাভ কৰিব বিত্তীয় সাহাৰ্যঃ কেশৱ মহন্ত

সম সমবায় মৰাপাট কলটো পুনৰ সঞ্চালনৰ বাবে বিত্ত বিভাগৰ পৰা 10 কোট়ি টকাৰ সাহাৰ্য ৷ কলিয়াবৰত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয়,এই সমুদায় ধন কল কৰ্তৃপক্ষই সমবায় বিভাগক ব‍্যৱহাৰিক প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতেই ৰাজ‍্য চৰকাৰে এই ধন মোকলাই দিব।

বৰাক-ব্ৰহ্মপুত্ৰৰ খননত সংঘটিত বিয়াগোম কেলেংকাৰী

বৰাক-ব্ৰহ্মপুত্ৰ খননৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ দাবী উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ খননত হোৱা বিসংগতিৰ বাবেই নিৰ্দিষ্ট অনুষ্ঠানত বৰাক-ব্ৰহ্মপুত্ৰ জলপথেৰে আহিব নোৱাৰিলে বাংলাদেশৰ জাহাজ ৷ যাৰ বাবে ভাৰত-বাংলাদেশ বাণিজ্য অনুষ্ঠানৰ আৰম্ভণিত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল অংশগ্ৰহণৰ দৰে অনুষ্ঠান বাতিল কৰিবলগীয়া হ'ল

মৰিগাঁৱত চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠঃ আতচবাজীৰ মুকলি বেহা

মৰিগাঁৱত চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বৰ্তমানেও অব্যাহত আছে আতচবাজীৰ মুকলি বজাৰ ৷ অভিযোগ অনুসৰি,একাংশ আতচবাজী ব্যৱসায়ীয়ে মৰিগাঁও চহৰৰ মাজমজিয়াত উচ্চ শব্দ সম্পন্ন আতচবাজী বিক্ৰী কৰি আহিছে ।

বি টি চিত পৰিৱৰ্তন বিচাৰি একত্ৰিত 16 টা সংগঠন

আগন্তুক বিটিচি নিৰ্বাচনত এবছুৰ ইউ পি পি এল ৰ প্ৰতি সমৰ্থন থাকিব ৷ এই ঘোষণা এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷ বিটিচিত পৰিৱৰ্তন বিচাৰি এবছুৰ নেতৃত্বত একত্ৰিত 16 টা সংগঠন ৷

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যৰ উচিত তদন্তৰ দাবী কাকপথাৰ প্ৰেছ ক্লাবৰ

পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কাকপথাৰ প্ৰেছ ক্লাবৰ ৷ এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰাগ ভূঞাৰ আত্মাৰ চিৰশান্তি কামনা কৰি শুকুৰবাৰে কাকপথাৰ প্ৰেছ ক্লাবে পৰাগ ভূঞাৰ বাসগৃহৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷

প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড পৰ্যবেক্ষণ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

দৰঙৰ ছিপাঝাৰ স্থিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগবছিমি চিন্থেটিক্স লিমিটেড পৰ্যবেক্ষণ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ লক ডাউনৰ অজুহাতত বন্ধ হৈ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগটো । অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিষয়াৰ সৈতে উদ্যোগটো পৰ্যবেক্ষণ কৰি শীঘ্ৰে সম্পূৰ্ণৰূপে ইয়াক কাৰ্যক্ষম কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে ।

ফটকাবিহীন দীপাৱলী উদযাপন কৰাৰ দিশে মহানগৰ প্ৰশাসন

দীপাৱলীত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি, মহানগৰীত ফটকা বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞ জাৰি ৷

মাতা মন্দিৰত পূজা আৰতি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে

শনিবাৰৰ পুৱাই মাতা মন্দিৰত পূজা আৰতি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৷ দীপাৱলীৰ শুভ ক্ষণত পূৰ্ব পুৰুষৰ আত্মাৰ শান্তিৰ বাবে ধূপ চাকি জ্বলালে মুখ্যমন্ত্ৰীজনে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.