কোকৰাঝাৰ, 25 জুলাই : বিটিএডিত অব্যাহত আছে বিটিচি পৰিষদীয় নিৰ্বাচন কেন্দ্ৰিক বোকা চটিওয়া ৰাজনীতি ৷ ইজনৰ পাচত সিজন ৰাজনৈতিক নেতাৰ ওপৰত সমালোচনা আৰু তাৰপাচত হোৱা বাকযুদ্ধই গৰম কৰিছে বিটিএডিৰ ৰাজনীতিৰ বতাহ ৷ এইবাৰ তামুলপুৰৰ প্ৰাক্তন বিধায়কৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ ইউ পি পি এলৰ ৷
কোকৰাঝাৰ স্থিত ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেলত ইউ পি পি এলৰ কেন্দ্ৰীয় সম্পাদক ৱেলচোন হাসদাই কয় যে, প্ৰাক্তন বিধায়ক তথা বৰ্তমান বিটিচি পৰিষদীয় তামুলপুৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী চণ্ডী বাসুমতাৰীয়ে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰত অযথা সমালোচনা কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগৰ বিৰুদ্ধে অতি শীঘ্ৰে আইনৰ সহায় লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
হাসদাই প্ৰশ্ন উত্থাপন কৰি কয় যে, বিটিচিক বিপিএফহে ১৭ বছৰধৰি শাসন কৰি আহিছে প্ৰমোদ বড়োয়ে নহয় ৷ গতিকে শাসন নকৰাকৈ দুৰ্নীতি কেনেকৈ সম্ভৱ, লগতে অতিশীঘ্ৰে চণ্ডী বাসুমতাৰীক প্ৰমাণ দিবৰ বাবে দাবী তুলিছে ইউ পি পি এলৰ নেতাগৰাকীয়ে ৷
উল্লেখযোগ্য যে, প্ৰাক্তন বিধায়ক তথা বিপিএফ নেতা চণ্ডী বাসুমতাৰীয়ে কেইদিনমানৰ পূৰ্ৱে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োক বড়ো জাতিৰ দুৰ্নীতিৰ নায়ক বুলি সমালোচনা কৰিছিল।
লগতে পঢ়ক : আৰক্ষীৰ "কীৰ্তি কাহিনী" বৰ্ণনা কৰি ডিজিপিলৈ পত্ৰ দেৱব্ৰত শইকীয়াৰ