ETV Bharat / state

বিপিএফৰ কোনো নীতি-আদৰ্শ আৰু নিৰ্দেশনা নাইঃ মনোকুমাৰ ব্ৰহ্ম

author img

By

Published : Mar 19, 2021, 10:48 PM IST

বিপিএফ দলৰ নেতৃবৃন্দৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি বিপিএফৰে এসময়ৰ প্ৰভাৱশালী নেতা তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মনোকুমাৰ ব্ৰহ্মই শুকুৰবাৰে 30 নং পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বাবে নিৰ্দলীয়ভাৱে মনোনয়নপত্ৰ দাখিল কৰে ৷ সমষ্টিটোত মূল যুঁজখন বিপিএফ আৰু ইউপিপিএলৰ মাজতে হব যদিও ইয়াৰে মাজতে তেওঁ সৰকি ওলাই যাব ৷ অৰ্থাৎ তেওঁ জয়ী হব বুলি সংবাদমাধ্যমৰ আগত মনোকুমাৰ ব্ৰহ্মই দাবী কৰে  ৷

বিপিএফৰ কোনো নীতি-আদৰ্শ আৰু নিৰ্দেশনা নাইঃ মনোকুমাৰ ব্ৰহ্ম
বিপিএফৰ কোনো নীতি-আদৰ্শ আৰু নিৰ্দেশনা নাইঃ মনোকুমাৰ ব্ৰহ্ম

কোকৰাঝাৰ, 19 মাৰ্চ: বিপিএফ দলৰ নেতৃবৃন্দৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি বিপিএফৰে এসময়ৰ প্ৰভাৱশালী নেতা, হাগ্ৰামাৰ একালৰ সতীৰ্থ তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মনোকুমাৰ ব্ৰহ্মই অৱশেষত বিধানসভা নিৰ্বাচনত 30 নং পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি শুকুৰবাৰে বিপিএফৰ জ্যেষ্ঠ নেতা তথা মনোকুমাৰ ব্ৰহ্মই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোকুমাৰ ব্ৰহ্মই আজি নিজৰ সমৰ্থকক লৈ দলে বলে আহি পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে ৷

ইপিনে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত মনোকুমাৰ ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে, বিপিএফ দলে তেওঁক বিটিআৰ পৰিষদীয় নিৰ্বাচনত দুবাৰকৈ দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ বাবে তেওঁ এইবেলি সমষ্টিটোৰ পৰা নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হ’বলৈ বাধ্য হৈছে ৷ বিপিএফ দলত কোনো নীতি আদৰ্শ নাই বাবেই বাৰে বাৰে তেওঁক বঞ্চিত কৰি ৰাখিছে বুলি মন্তব্য কৰি মনোকুমাৰ ব্ৰহ্মই বিপিএফৰ নেতৃবৃন্দৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰে ৷

আনহাতে সমষ্টিটোত মূল যুঁজখন কাৰ কাৰ মাজত হ’ব বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত মনোকুমাৰ ব্ৰহ্মই কয় যে, মূল যুঁজখন বিপিএফ আৰু ইউপিপিএলৰ মাজতে হ’ব যদিও ইয়াৰে মাজতে তেওঁ সৰকি ওলাই যাব ৷ অৰ্থাৎ তেওঁ জয়ী হ’ব বুলি দাবী কৰে ৷ বিপিএফ দলৰ পৰা তেওঁ অব্যাহতি লৈছে নেকি বুলি সাংবাদিকৰ আন এক প্ৰশ্নত্তোৰত মনোকুমাৰ ব্ৰহ্মই কয় যে, বিপিএফ দলৰ কোনো নীতি- আদৰ্শ, নিৰ্দেশনা নাই ৷ কোনো চিষ্টেম নাই ৷ গতিকে কি অব্যাহতি ল’ব লাগে বুলি মনোকুমাৰ ব্ৰহ্মই ওলোটাই প্ৰশ্ন উত্থাপন কৰে ।

উল্লেখ্য যে, হাগ্ৰামাৰ একালৰ সতীৰ্থ মনোকুমাৰ ব্ৰহ্মই নিৰ্দলীয় হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ পিচতে কোকৰাঝাৰৰ নিৰ্বাচনী সমীকৰণে আন এক মোৰ লৈছে । এই ক্ষেত্ৰত বিপিএফ দলৰ পৰা অদ্যপি অব্যাহতি নোলোৱা মনোকুমাৰ ব্ৰহ্ম‌ ওৰফে জাইলাৰ এই পদক্ষেপে 30 নং পূব কোকৰাঝাৰ জনজাতি সমষ্টিত নিৰ্বাচনী অংকত আউল লগাব পাৰে বুুুলি ৰাজনৈতিক বিশ্লেষক মহলে সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ বৃন্দাবন গোস্বামীৰ বাসগৃহত অতুল বৰা আৰু কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.