ETV Bharat / state

ফকিৰাগ্ৰামত উলহ-মালহৰে ষট পূজা পালন

author img

By

Published : Apr 19, 2021, 6:30 AM IST

ফকিৰাগ্ৰামত দেওবাৰে ষট পূজা পালন ৷ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ সমীপৰ নৈৰ পাৰত বিশেষকৈ বিহাৰী সম্প্ৰদায়কে ধৰি বিভিন্ন ভক্তপ্ৰাণ ৰাইজে পালন কৰে এই পূজা ৷ সোমবাৰে বিয়লি সামৰণি পৰিব এই ষট পূজা ৷

sath-puja
ষট পূজা

কোকৰাঝাৰ,19 এপ্ৰিল : দেশৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামতো পালন কৰা হয় ষট পূজা ৷ সূৰ্য দেৱতাক উপাসনা কৰাৰ উদ্দেশ্যে ব্যাপক উলহ-মালহেৰে উদযাপন কৰা হয় এই ষট পূজা ।

ফকিৰাগ্ৰামৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ সমীপৰ নৈৰ পাৰত আয়োজন কৰা ষট পূজাত বিশেষকৈ বিহাৰী সম্প্ৰদায়কে ধৰি বিভিন্ন ভক্তপ্ৰাণ ৰাইজে এক বিশেষ পৰম্পৰা আৰু নীতি-নিয়মেৰে পালন কৰে ষট পূজা ৷

sath-puja
ষট পূজা

বিয়লি ভাগত নৈৰ পাৰত উপস্থিত হৈ ভক্তসকলে সূৰ্য মাৰ নোযোৱালৈকে ফল-মূল আদিৰে সূৰ্য দেৱতাক আৰাধনা কৰে ৷ সোমবাৰে সূৰ্য উদয়ৰ প্ৰাক্ ক্ষণত ভক্তসকলে পুনৰ নৈৰ পাৰত সমবেত হৈ পূজা-অৰ্চনা আৰু সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰাৰ পাচতে এই ষট পূজাৰ সামৰণি পৰিব ৷

উল্লেখ্য যে, পূৰ্বতে এই ষট পূজা কেইটামান সম্প্ৰদায়ৰ লোকে পালন কৰিছিল যদিও বৰ্তমান বিভিন্ন হিন্দু ধৰ্মালম্বী লোকে এই পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : ধেমাজিত কৰ’ণা আক্ৰান্তৰ সংখ্যা ৬৯ গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.