ETV Bharat / state

৪ দিনীয়া ভ্ৰমণসূচীৰে বড়োভূমিত ৰঞ্জিত দাস - ওদালগুৰি

বিটিচি দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি দল । বিটিচি দখলৰ লক্ষ্যৰে ৪ দিনীয়া বড়োভূমি ভ্ৰমণৰ বাবে উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ।

ranjit-das-visited-btr
৪ দিনীয়া ভ্ৰমণসূচীৰে বড়োভূমিত ৰঞ্জিত দাস
author img

By

Published : Nov 4, 2020, 10:40 PM IST

কোকৰাঝাৰ, 4 নৱেম্বৰ : এতিয়া বিটিচি দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি দল। বিটিচি দখলৰ লক্ষ্যৰে ৪ দিনীয়া বিটিচি ভ্ৰমণৰ বাবে উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৷ মঙলবাৰে ওদালগুৰিত উপস্থিত হৈয়ে নিশা জিলাখনৰ বিভিন্ন দল-সংগঠনৰ সৈতে বন্ধ কোঠাত বৈঠকত মিলিত হ'ল ৰঞ্জিত দাস । সংগ দিলে সাংসদ দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ফনী শৰ্মাই ।

৪ দিনীয়া ভ্ৰমণসূচীৰে বড়োভূমিত ৰঞ্জিত দাস

বুধবাৰে পুনৰ তিনিখনকৈ সাংগঠনিক বৈঠকত অংশ ল'লে ৰঞ্জিত দাস সহ শীৰ্ষ বিজেপি নেতা কেইজনে । বৈঠকত অংশ লয় সাংসদ পল্লৱ লোচন দাস আৰু মন্ত্ৰী ভৱেশ কলিতাও । এনেদৰে ৫ জনকৈ শীৰ্ষ নেতাই জিলা বিজেপিৰ নেতৃত্ব আৰু ১০ জনকৈ পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থীকলৈ ৰচনা কৰিলে বিটিআৰ দখলৰ ব্লু প্ৰিন্ট । বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত এইবাৰ বিটিচিত ৰাইজে বিজেপিৰ নেতৃত্বতে চৰকাৰ গঠন হোৱাটো বিচাৰিছে বুলি দাবী কৰে ৰঞ্জিত দাসে ।

লগতে পঢ়ক: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.