ETV Bharat / state

বিটিচি পৰিষদ গঠন : ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ !

author img

By

Published : Dec 16, 2020, 6:12 PM IST

জনতাৰ ৰায়দান বিপিএফৰ সপক্ষে গৈছে যদিও বিজেপি আৰু ইউপিপিএলে অগণতান্ত্ৰিক ভাৱে চৰকাৰ গঠন কৰিছে । মঙলবাৰে এক সংবাদ মেল সম্বোধন কৰি এই অভিযোগ তুলিলে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

pramila-rani-brahma-press-mee
বিপিএফ ন্যায়ালয়ৰ কাষ চাপিব : প্ৰমিলা ৰাণী ব্ৰহ্ম

কোকৰাঝাৰ ১৬ ডিচেম্বৰ : বিজেপিয়ে স্বৈৰচাৰিতা আৰম্ভ কৰিছে । জনতাৰ ৰায়দান বিপিএফৰ সপক্ষে গৈছে যদিও বিজেপি আৰু ইউপিপিএলে অগণতান্ত্ৰীক ভাৱে চৰকাৰ গঠন কৰিছে । বুধবাৰে এক সংবাদ মেল সম্বোধন কৰি এই অভিযোগ তুলিলে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

বডৌফা কমপ্লেক্সৰ চৌহদত আয়োজিত এই সংবাদমেলত বিপিএফৰ নেত্ৰী গৰাকীয়ে কয়, বিজেপি আৰু ইউপিপিএলে এতিয়া বিপিএফ কৰ্মীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰিছে বুলিও প্ৰমিলা ৰাণী ব্ৰহ্মই সদৰি কৰে ৷ ইয়াৰ সমান্তৰালভাৱে সকলো পক্ষকে শান্তিৰ বাতাবৰণ বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে প্ৰমিলা ৰাণী ব্ৰহ্মই ।

বিপিএফে ন্যায়ালয়ৰ কাষ চাপিব : প্ৰমিলা ৰাণী ব্ৰহ্ম

উল্লেখ্য যে, বৰ্তমানৰ পৰিষদ গঠনৰ কৰা সন্দৰ্ভত বিপিএফ দলে ন্যায়ালয়ৰ কাষ চাপিব বুলি আজিৰ সংবাদত স্পষ্ট মত প্ৰকাশ কৰে বিপিএফ নেত্ৰী গৰাকীয়ে ৷ তেওঁ কয়, ন্যায়ালয়ে যি ৰায়দান দিয়ে সেয়া বিপিএফ দলে গ্ৰহণ কৰিব ৷

ইফালে, যমদুৱাৰ সমষ্টিৰ পৰা জয়লাভ কৰা বিপিএফ দলৰ প্ৰাৰ্থী ৰেওৰেওৱা নাৰ্জীহাৰীয়ে বিপিএফ দলৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত মত প্ৰকাশ কৰে প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ বিপিএফ দলে ৰেওৰেওৱা নাৰ্জীহাৰীক বিশ্বাস কৰিছিল আৰু এনে কাম কৰিব বুলি কাহানিও ভৱা নাছিল বুলি মন্তব্য দিয়ে প্ৰমিলা ৰাণী ব্ৰহ্মই ।

লগতে পঢ়ক: কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.