ETV Bharat / state

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ক'লে, বিজেপি এইবাৰ ডুবিব !

author img

By

Published : Feb 28, 2021, 8:52 PM IST

বিপিএফ দলে মহাজোঁটত চামিল হোৱাৰ পাচতে বিপিএফৰ নেত্ৰী তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়েও বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ।

Pramila Rani Brahma comment againts bjp
মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ক'লে বিজেপি এইবাৰ ডুবিব !

কোকৰাঝাৰ ২৮ ফেব্ৰুৱাৰী : হাগ্ৰামা মহিলাৰী নেতাত্বাধীন বিপিএফ দলে মহাজোঁটত চামিল হোৱাৰ পাচতে বিপিএফৰ নেত্ৰী তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়েও বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । দেওবাৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সংবাদমাধ্যমৰ আগত কয় , বিজেপিয়ে তেওঁলোকক কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে ৷ বিজেপি দল আৰু চৰকাৰে তেওঁলোকক বহু অপমান কৰাৰ পৰিণতিতে তেওঁলোক অৰ্থাৎ বিপিএফে মহাজোঁটত চামিল হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

বিজেপি দল অহংকাৰী ৷ যাৰ বাবে তেওঁলোক ডুবিব । ৰাইজক প্ৰতাৰণা কৰা দল হৈছে বিজেপি ৷ মিছা কথাৰে, ভূৱা প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা কৰাৰ প্ৰত্যুত্তৰ ৰাইজে এইবাৰ বিজেপিক দিব ৷ বিটিআৰৰ ১২ খন আসনত বিপিএফে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ সংবাদিকৰ আগত এই দৰে কয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

লগতে পঢ়কঃ যুৱ সমাৰোহত অংশগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.