নিউজ ডেস্ক, 4 জুলাইঃ লক ডাউনৰ সময়, বাহিৰলৈ ওলোৱাত বাধা আছে, ৰাজহুৱা স্থানলৈ যোৱাটো আছে সীমাবদ্ধতা ৷ কিন্তু বন্ধ বুলিয়েই জানো ঘৰতে সোমাই থাকিলে হ'ব ? ভৰ বাৰিষা খেতিৰ বতৰত যদি ঘৰত সোমাই থাকে ভঁৰাল ভৰিব কেনেকৈ ? এই দৃশ্য কোকৰাঝাৰৰ ৷ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই পথাৰত সাধাৰণ ৰোৱনীৰ দৰেই ৰুইছে ভূঁই ৷ কোকৰাঝাৰৰ বালাজান তিনিআলিত শনিবাৰে মন্ত্ৰীগৰাকীয়ে ভূঁই ৰুই কৃষিকাৰ্যৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ চেষ্টা চলালে নৱ প্ৰজন্মক ৷
ইফালে আকৌ তিনিচুকীয়াত পথৰ কাষতে গাড়ী ৰখাই পথাৰত নামিল মন্ত্ৰী সঞ্জয় কিষাণ ৷ হালোৱাৰ সাজত মন্ত্ৰীয়ে হাল জুৰিলে শাওনৰ পথাৰত ৷ উদ্দেশ্য প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতক আগুৱাই নিয়া । কেৱল ধান খেতিয়েই নহয়, বছৰৰ বাৰ মাহেই যাতে ভিন্ন খেতি কৰি অসমৰ কৃষক আগুৱাই যায় তাৰ বাবে কৃষকসকলক উৎসাহিত কৰিলে মন্ত্ৰীগৰাকীয়ে । লগতে নৱ-প্ৰজন্মই যাতে কেৱল চৰকাৰী চাকৰিকেই আশা নকৰি কৃষিকাৰ্যত লাগে, তাৰ বাবেও আহ্বান মন্ত্ৰী গৰাকীৰ । এনেদৰেই দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰচেষ্টা কৰিলে নৱ প্ৰজন্মৰ মাজত আত্মনিৰ্ভৰশীল ভাৰতৰ সংজ্ঞা বিকাশ কৰিবলৈ ।
লগতে পঢ়কঃ নলবাৰীত মীনপালকৰ সফলতা