কোকৰাঝাৰ, ৩০ মাৰ্চঃকোকৰাঝাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ সৌজন্যত শনিবাৰে কঁচুগাঁৱৰ অসামৰিক চিকিৎসালয়ত এক স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয় ।কিশোৰ কিশোৰীৰ মাজত হোৱা মানসিক তথা শাৰীৰিক পৰিৱৰ্তনৰ বিষয়ক লৈ আয়োজন কৰা হয় এই সজাগতা সভা ।
উল্লেখ্য যে উঠি অহা যুৱক যুৱতীসকলে যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয়, সেই বিষয়ত গুৰুত্ব প্ৰদান কৰি গোসাইগাঁও আৰু কঁচুগাঁও স্বাস্থ্য বিভাগৰ উচ্চপদস্থ কর্মচাৰীসকলে ভাষণ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলক পৰামৰ্শ আগবঢ়ায় । লগতে বয়সৰ কৱলত পৰি উঠি অহা প্ৰজন্মই নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই নানান কুপথৰ বলি হৈ বিভিন্ন ৰোগত আক্ৰান্ত হৈ বিপথে পৰিচালিত হয়। অভিভাৱক সকলে এই ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা আৰু সহযোগিতাৰে নিজৰ সন্তানক সঠিক দিশত আগুৱাই নিব পাৰে সেই বিষয়ে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়োৱা হয় ।