কোকৰাঝাৰ, ৩০ মাৰ্চ: ইউনাইটেড খ্ৰীষ্টিয়ান ফ'ৰামে ইউ পি পি এল দললৈ সমৰ্থন জনোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেশ্যনেল বড়ো খ্ৰীষ্টিয়ান কাউঞ্চিল চমুকৈ এন বি চি চিয়ে । নেশ্যনেল বড়ো খ্ৰীষ্টিয়ান কাউঞ্চিলৰ নেতৃত্বই মঙলবাৰে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলত এন বি চি চিৰ সভাপতি অৰ্জুন বসুমতাৰীয়ে কয় যে, ইউনাইটেড খ্ৰীষ্টিয়ান ফ'ৰামৰ সৈতে এন বি চি চিৰ কোনো সম্পৰ্ক নাই ।
লগতে এনবিচিচি কোনো ৰাজনৈতিক দল নহয় আৰু কোনো ৰাজনৈতিক দললৈ পোনপটীয়া সমৰ্থন নজনায় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ৷ অৰ্জুন বসুমতাৰীয়ে লগতে কয় যে, ইউনাইটেড খ্ৰীষ্টিয়ান ফ'ৰাম নিৰ্বাচনৰ আগমুহূৰ্তত গঠন হোবা এক সংগঠনহে ৷ সংগঠনটো গঠিত হোৱাৰ পিছতে ইউনাইটেড খ্ৰীষ্টিয়ান ফ'ৰামে বিটিআৰৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজক ইউ পি পি এল দলৰ সপক্ষে ভোট দান কৰিবলৈ আহ্বান জনোৱা কাৰ্যকো তীব্ৰ সমালোচনা কৰে সভাপতিগৰাকীয়ে ।
এন বি চি চিয়ে এনে কাম কেতিয়াও সমৰ্থন নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ৷ লগতে আনৰ কথা শুনি ভোট দিয়াৰ পৰিৱৰ্তে বিবেক ভোট দিবলৈ ৰাইজক আহ্বান জনায় এন বি চি চিৰ সভাপতি অৰ্জুন বসুমতাৰীয়ে ।
লগতে পঢ়ক:বতৰৰ বিধি পথালিৰ বাবে হাফলঙত ৰাহুল গান্ধীৰ সভা বাতিল