ETV Bharat / state

পৃথ্বী নাৰায়ণ দেৱ মেচক হুংকাৰ ইউপিপিএলৰ সংখ্যালঘু মৰ্চাৰ নেতাৰ

author img

By

Published : Sep 7, 2020, 7:53 PM IST

ইউপিপিএলৰ সংখ্যালঘু মৰ্চাৰ নেতা মৈনুদিন হকে ইউপিপিএল দলৰ পৰা বহিস্কাৰ কৰা পৃথ্বী নাৰায়ণ দেৱ মেচক কেতবোৰ সকীয়নি প্ৰদান কৰে ৷

সংখ্যালঘু মৰ্চাৰ নেতা
সংখ্যালঘু মৰ্চাৰ নেতা

কোকৰাঝাৰ, 7 ছেপ্তেম্বৰ: দলৰ নীতিৰ বিৰুদ্ধে, দলৰ কিছুমান গোপনীয়তা আন ৰাজনৈতিক দলত অৱগত কৰাৰ অভিযোগত ইউপিপিএল দলৰ পৰা বহিস্কাৰ কৰা হৈছিল পৃথ্বী নাৰায়ণ দেৱ মেচক ৷ বহিস্কৃত লোকগৰাকীয়ে যোৱা কিছুদিনৰ পৰা একাংশ সংবাদ মাধ্যমৰ আগত দলৰ বিৰুদ্ধে দলৰ বিৰুদ্ধে ভিন্ন অভিযোগ উত্থাপন কৰিছে বুলি অভিযোগ কৰে ইউপিপিএলৰ সংখ্যালঘু মৰ্চাৰ নেতা মৈনুদিন হকে ৷ তেওঁলোকে যুৱনেতা গৰাকীৰ এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে দলৰ পৰা বহিস্কাৰ হোৱাৰ পাচতো ৰাইজৰ মাজত সাম্প্ৰদায়িক বিভাজন কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে মৈনুদিন হকে ৷ এনে কাৰ্য নকৰিবলৈ যুৱনেতা গৰাকীক সকীয়নি প্ৰদান কৰে দলটোৰ সংখ্যালঘু মৰ্চাৰ নেতাসকলে ৷ ভাৰতবৰ্ষৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত কোনো ৰাজনৈতিক দলৰ উচতনি মৰ্মে তেওঁ শংকৰ-আজানৰ দেশত বিষ বিয়পাব চেষ্টা কৰিছে বুলি তেওঁ যুৱনেতা গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰে ৷ আগন্তুক দিনতো যদি তেওঁ কিছুমান বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত নাথাকে তেন্তে তেওঁৰ বিৰুদ্ধে প্ৰতিখন থানাতে গোচৰ ৰুজু কৰিবলৈ দলটো বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰে ৷

পৃথ্বী নাৰায়ণ দেৱ মেচক হুংকাৰ ইউপিপিএলৰ সংখ্যালঘু মৰ্চাৰ নেতাৰ

লগতে পঢ়ক: অচিৰেই নিৰ্বাপনৰ দিশে বাঘজানৰ জুই, দুঠাইৰে গেছ নিৰ্গমনৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.