ETV Bharat / state

সাৱধান ! যুৱতী-মহিলা অকলে ঘৰত নাথাকিব, চিকাৰ হ'ব পাৰে দুষ্টচক্ৰৰ !

কোকৰাঝাৰৰ যুৱতী-মহিলাসকল সম্প্ৰতি আতংকত ভুগিছে । এক দুষ্টচক্ৰই ঘৰত অকলে থকা যুৱতী-মহিলাসকলক টাৰ্গেট কৰি অনৈতিক কাৰ্যত লিপ্ত হৈছে ৷ যাৰ বাবে দুষ্টচক্ৰৰ বলি হোৱা যুৱতী-মহিলাসকলে সমাজত মুখ উলিয়াব নোৱাৰা পৰিৱেশৰো সৃষ্টি হৈছে ।

কোকৰাঝাৰৰ যুৱতী-মহিলাসকল সম্প্ৰতি আতংকত ভুগিছে
author img

By

Published : Sep 12, 2019, 9:22 PM IST

কোকৰাঝাৰ,12ছেপ্টেম্বৰঃ আতংকত ভুগিছে সমগ্ৰ কোকৰাঝাৰ চহৰ ৷ এক দুষ্ট চক্ৰৰ টাৰ্গেট হৈ পৰিছে চহৰখনৰ যুৱতী-মহিলাসকল ৷ কিয়নো এই দুষ্ট চক্ৰটোৱে প্ৰথমে ঘৰত অকলে থকা যুৱতী-মহিলাক টাৰ্গেট কৰে ৷ তাৰপাচত ঘৰত কৌশলেৰে প্ৰৱেশ কৰি চেতনানাশক দ্ৰব্য প্ৰয়োগ কৰি অচেতন কৰে ৷ অচেতন কৰাৰ পিছত দুষ্টচক্ৰই অনৈতিক কাৰ্য কৰে আৰু সেই সকলো দৃশ্য ভিডিঅ' ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে । ইতিমধ্যে এই দুষ্টচক্ৰটোৰ বলি হৈছে কেইবাগৰাকীও যুৱতী-মহিলা ৷ যাৰ ফলত আতংকময় পৰিবেশ বিৰাজ কৰিছে সমগ্ৰ চহৰখনৰ যুৱতী-মহিলাসকলৰ মাজত ৷

কোকৰাঝাৰৰ যুৱতী-মহিলাসকল সম্প্ৰতি আতংকত ভুগিছে

প্ৰাপ্ত খবৰ অনুসৰি কোকৰাঝাৰৰ বাগানশালী, টেঙাপাৰা আদি অঞ্চলত এক দুষ্টচক্ৰই অকলে থকা যুৱতী মহিলা সকলক লক্ষ্য কৰি এক ভয়াৱহ কাণ্ড সংঘটিত কৰি আহিছে । যাৰ ফলত দুষ্টচক্ৰৰ বলি হোৱা পৰিয়ালে সামাজিক গণ লজ্জাৰ সন্মুখীন হৈছে । উল্লেখ্য যে এনে এক অনুৰূপ ঘটনা বুধবাৰে নিশাও সংঘটিত হয় ৷ বুধবাৰে নিশা ঘৰত কোনো পুৰুষ সদস্য নথকাৰ সুযোগ গ্ৰহণ কৰি এক দুষ্টচক্ৰই মাক-জীয়েকক অচেতন কৰি অনৈতিক কাৰ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰি সেয়া ভাইৰেল কৰাত পৰিয়ালটো সম্প্ৰতি সংকটত পৰিছে । ইপিনে দুষ্টচক্ৰটোৰ এনে অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো ভুক্তভোগী পৰিয়ালে থানাত গোচৰ ৰজু নকৰাত আৰক্ষীও বিপাঙত পৰিছে ।

সম্প্ৰতি এক আতংকময় পৰিৱেশৰ মাজত কোকৰাঝাৰ সদৰ চহৰৰ যুৱতী -মহিলাসকল দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ অৱশ্যে ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাববীয়া তদন্ত অব্যাহত ৰাখিছে ৷

Intro: যুৱতী- মহিলা অকলে ঘৰত নাথাকিব , চিকাৰ হব দুষ্টচক্ৰৰ ।
:- কোকৰাঝাৰ সদৰ চহৰৰ যুৱতী-মহিলাসকল সম্প্ৰতি আতংকত ভূগিছে । এক দুষ্টচক্ৰই ঘৰত অকলে থকা যুৱতী- মহিলাসকলক " টাৰ্গেট " কৰি অনৈতিক কাৰ্যত লিপ্ত হৈছে আৰু উক্ত অনৈতিক কাৰ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰি ভাইৰেল কৰাত দুষ্টচক্ৰৰ বলি হোৱা যুৱতী মহিলাসকল সমাজত মুখ উলিয়াব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে ।
Body: প্ৰাপ্ত খবৰ অনুসৰি কোকৰাঝাৰ সদৰ চহৰৰ বাগানশালী , টেঙাপাৰা আদি অঞ্চলত এক দুষ্টচক্ৰই অকলে থকা যুৱতী মহিলা সকলক লক্ষ্য কৰি এক ভয়াৱহ কাণ্ড সংঘটিত কৰি আহিছে । দুষ্টচক্ৰই অকলে থকা যুৱতী মহিলাসকলৰ ঘৰত কৌশলৰে প্ৰৱেশ কৰি প্ৰথমে চেতনানাশক দ্ৰব্য প্ৰয়োগ কৰি অচেতন কৰি লয় । অচেতন কৰাৰ পিছত দুষ্টচক্ৰই অনৈতিক কাৰ্য কৰি তাৰ ভিডিঅ' ৰেকৰ্ডিং কৰে আৰু সেয়া ছছিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে । ইয়াৰ ফলত দুষ্টচক্ৰৰ বলি হোৱা পৰিয়ালটোৱে সামাজিক গণ লজ্জাৰ সন্মুখীন হৈছে । সদৰ চহৰৰ বিশেষকৈ বাগানশালী আৰু টেঙাপাৰা অঞ্চলত কেবাটাও এনে ঘটনা সংঘটিত হৈছে আৰু কালি একেলগে মাক -জীয়েক উক্ত ঘটনাৰ বলি হৈছে । ঘৰত পুৰুষ সদস্য নথকাৰ সুযোগ গ্ৰহণ কৰি দুষ্টচক্ৰই মাক -জীয়েকক অচেতন কৰি অনৈতিক কাৰ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰি সেয়া ভাইৰেল কৰাত পৰিয়ালটো সম্প্ৰতি সংকটত পৰিছে । মুলত ঘৰত পুৰুষ নথকাৰ সুযোগ লৈ দুষ্টচক্ৰই এনে অনৈতিক কাৰ্যকলাপ অবাধে সংঘটিত কৰি আহিছে যদিও বৰ্তমানলৈকে দুষ্টচক্ৰৰ বলি হোৱা কোনো এটা পৰিয়ালে থানাত গোচৰ ৰজু নকৰাত আৰক্ষীও বিপাঙত পৰিছে ।

Conclusion:সম্প্ৰতি এক আতংকময় পৰিৱেশৰ মাজত কোকৰাঝাৰ সদৰ চহৰৰ যুৱতী -মহিলাসকল দিন অতিবাহিত কৰিবলগীয়াত পৰাৰ প্ৰতি লক্ষ্য ৰাখি দুষ্টচক্ৰক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ প্ৰতি সকলোপক্ষই আহ্বান জনাইছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.