ETV Bharat / state

কোকৰাঝাৰত কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : May 17, 2020, 10:08 PM IST

স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকায়ে দেওবাৰে কোকৰাঝাৰৰ কোৱাৰেনণ্টাইন কেন্দ্ৰসমূহক পৰিদৰ্শন কৰে। কোকৰাঝাৰ কঠালগুৰিস্থিত ছাই ষ্টেডিয়াম আৰু দেৱৰগাঁওত থকা চি আই টিত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত গৈ পৰ্যবেক্ষণ কৰে।

as_koj_quarantine_centre_02_vis_7204384
কোকৰাঝাৰত কোৱাৰেনণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী পিয়ুছ হাজৰিকাৰ

কোকৰাঝাৰ, 17মেঃ অসম চৰকাৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুছ হাজৰিকাই প্ৰকাশ কৰে যে অসমত পাঁচটা জ‘নত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে। তাৰে কোকৰাঝাৰ জিলাত মুঠ ২৩০০ লোক থাকিব পৰাকৈ ১৯ খন কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে । এই কোৱাৰেনণ্টাইনত ৰখা লোকৰ স্বাস্থ্য পৰীক্ষা, সেৱাৰ লগতে খাদ্য যোগান বিষয়ে পৰ্যবেক্ষণ কৰা বুলি জনাই।

আনফালে আজি কোকৰাঝাৰ আইন মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত গৈ ৰাইজৰ ৰোষত পৰে ৰাজ্যৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । উক্ত কেন্দ্ৰটোত বিশুদ্ধ খোৱা পানী, লেট্ৰিন, বাথৰুমত কোনো হাইজেনিক ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰে কোৱাৰেণ্টাইনত থকা লোক সকলে। তাৰোপৰি কেন্দ্ৰটোত থকা একাংশ আৰক্ষী বিষয়া এগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাই নহয় গুলি কৰাৰ ভাবুকি দিয়া বুলিও কেন্দ্ৰটোত থকা লোকসকলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক মুকলিকৈ অভিযোগ কৰে। উল্লেখ্য যে এই সন্দৰ্ভত সংবাদমহলৰ আগত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কোকৰাঝাৰত কেন্দ্ৰ সমূহ স্থাপন কৰোতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে তেওঁৰ লগত কোনো ধৰণৰ আলোচনা তথা পৰামৰ্শ লোৱা নাছিল বাবেই এনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি গুৰুতৰ অভিযোগ তোলে ।

লগতে পঢ়কঃ লক ডাউনৰ সময়ত কি কৰাৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.