কোকৰাঝাৰ, ২৫ ডিচেম্বৰ : শুকুৰবাৰে দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মদিন । কোকৰাঝাৰতো এই দিৱসৰ সৈতে সংগতি ৰাখি কৃষি বিভাগে পালন কৰে কৃষক দিৱস । কোকৰাঝাৰ চহৰৰ তিতাগুড়িৰ ইৰাগদাউ সমূহীয়া প্ৰেক্ষাগৃহত জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত হয় এই অনুষ্ঠানৰ ৷
কৃষকসকলৰ কল্যাণৰ হকে অডিঅ'-ভিজুৱেলৰ মাধ্যমত প্ৰদৰ্শিত অনুষ্ঠানটোত প্ৰায় শতাধিক কৃষকে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থকা জিলা উপায়ুক্ত ভাস্কৰ ফুকনে কৃষকসকলৰ কল্যাণৰ হকে গ্ৰহণ কৰা আঁচনি সম্বন্ধে চমু বক্তব্য দাঙি ধৰে ৷ উল্লেখ্য যে, কাৰ্যসূচীত জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি বিষয়া প্ৰাণজিত ওৱাৰী, জিলা কৃষি বিষয়া হৰি বড়োৰ লগতে কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক :বাজপেয়ীৰ জন্ম বাৰ্ষিকীত 'কৃষক সন্মান নিধি'ৰ সপ্তম কিস্তি মুকলি কৰিলে কেন্দ্ৰই