ETV Bharat / state

কোকৰাঝাৰত কৰ'ণা ৰোগীৰ সংখ্যা 220 জনলৈ বৃদ্ধি - কৰ’ণা ভাইৰাছৰ সংক্ৰমণ

গণসংক্ৰমণৰ দিশে গোসাঁইগাঁও ৷ কোকৰাঝাৰত নতুনকৈ দহজনৰ দেহত ধৰা পৰিল ক’ভিড 19 ৷

কোকৰাঝাৰ কৰ'ণা ৰোগীৰ সংখ্যা 220 জনলৈ বৃদ্ধি

author img

By

Published : Jul 18, 2020, 4:59 AM IST

Updated : Jul 18, 2020, 5:17 AM IST

কোকৰাঝাৰ, 18 জুলাইঃ প্ৰতিদিনে দ্ৰুত গতিত ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাটো বৃদ্ধি পাবলৈ লৈছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ শুকুৰবাৰে জিলাখনত 10 গৰাকী নতুনকৈ আক্ৰান্ত হোৱা লোক পোৱা গৈছে ৷

10 গৰাকীৰ আক্ৰান্ত লোকৰ ভিতৰত 6 গৰাকী লোক গোসাইগাঁৱৰ দলগাঁও নামৰ গাঁওখনৰ বাসিন্দা ৷ উল্লেখ্য যে, গাঁও খনৰ এগৰাকী বাসিন্দা নাৰায়ন চন্দ্ৰ সৰকাৰৰ দেহত 11 জুলাইত ধৰা পৰে কৰ’ণা ভাইৰাছ ৷ আৰু এই ছগৰাকী লোকৰ দেহলৈয়ো তেওঁৰ পৰাই সংক্ৰমণ হোৱা বুলি ধাৰণা কৰা হৈছে ৷

গাঁওখনত নতুনকৈ সংক্ৰমিত লোক কেইজন হ’ল- গোপাল দাস(২৩), মালতি দাস(৫০), ৰবিন পাল(৪২), ৰত্নেশ্বৰ ৰায়(২৮), নন্দ সৰকাৰ(১৮) আৰু বিশ্বজীত পন্ডিত (২৪) ৷ আক্ৰান্ত এই আটাইকেইজন লোককে কোকৰাঝাৰ স্থিত কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

ইপিনে শুকুৰবাৰৰ দিনটোত কোকৰাঝাৰ জিলাত নতুককৈ আক্ৰান্ত দহ গৰাকী লোককে ধৰি মুঠ আক্ৰান্তৰ সংখ্যা 220 গৰাকীলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়কঃ কলিয়াবৰৰ ৰাজপথলৈ ওলাই আহিল গঁড়

Last Updated : Jul 18, 2020, 5:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.