ETV Bharat / state

কোকৰাঝাৰলৈ সুনাম কঢ়িয়ালে কিশোৰ সূত্ৰধৰে - UPSC and Assamese

অসমীয়া মাধ্যমতেই শিক্ষা গ্ৰহণ কৰা কিশোৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৭৮৪ তম্ স্থান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । অসমৰ পৰা পাঁচগৰাকীয়ে 2019 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰিছে ৷

কোকৰাঝাৰলৈ সুনাম কঢ়িয়ালে কিশোৰ সূত্ৰধৰে

author img

By

Published : Aug 4, 2020, 11:42 PM IST

কোকৰাঝাৰ, ৫ আগষ্টঃ ল'ৰাজনে হাইস্কুলত পঢ়ি থাকোতে ৰচনা প্ৰতিযোগিতাত "মই আইএএচ বিষয়া হম" বুলি ৰচনা এখন লিখিছিল ৷ অসমীয়া মাধ্যমত পঢ়া আৰু অসমীয়াতে লিখা ৰচনাখনে প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ল’ৰাজনে কটন কলেজত নাম লগালে । কটনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ অভিযান্ত্ৰিক পাঠ্যক্ৰম পঢ়িলে । বহু বছৰ বাগৰি গ'ল ৷ সকলোৱে ৰচনাৰ কথা পাহৰিলে ৷ ল’ৰাজনৰ কথাও পাহৰিলে ৷ মাথো মাকে মনত ৰাখিলে পুত্ৰৰ ৰচনাৰ কথা,পুত্ৰৰ সপোনৰ কথা ৷ আৰু ৰচনা লিখি প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা ল’ৰাজনে কিন্তু নিজৰ সপোনক বাস্তৱ ৰূপ দিবলৈ অহৰ্নিশে পৰিশ্ৰম কৰি গ’ল । আৰু আজি…… ২০১৯ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৭৮৪ তম স্থান লাভ কৰি সেই তাহানিতে ৰচনা লিখি প্ৰথম পুৰস্কাৰ বুটলা কোকৰাঝাৰৰ কিশোৰ সূত্ৰধাৰ উজলি উঠিছে ৷

কিশোৰ সূত্ৰধৰ
কিশোৰ সূত্ৰধৰ

কোকৰাঝাৰ জলসিঞ্চন বিভাগত শাখা সহায়ক প্ৰয়াত উপেন্দ্ৰনাথ সূত্ৰধাৰ আৰু আইকন সূত্ৰধাৰৰ সন্তান তথা বৰ্তমানে ভাৰতীয় খাদ্য নিগমৰ ডিমাপুৰ মাণ্ডলিক কাৰ্যালয়ৰ প্ৰৱন্ধক(সাধাৰণ) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কিশোৰ সূত্ৰধাৰে মঙলবাৰে ঘোষিত হোৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৭৮৪ তম স্থান লাভ কৰি কোকৰাঝাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

উল্লেখ্য যে,কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও বয়েজ হায়াৰ চেকেণ্ডাৰীৰ পৰা মেট্ৰিক উৰ্ত্তীৰ্ণ হোৱা কিশোৰ সূত্ৰধাৰেই হাইস্কুলত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাত "মই আইএএচ বিষয়া হম" বুলি ৰচনা লিখি প্ৰথম পুৰস্কাৰ লাভ কৰিছিল ৷ বৰ্তমানে কোকৰাঝাৰ জলসিঞ্চন বিভাগৰ কোৱাৰ্টাৰতে কিশোৰ সূত্ৰধাৰৰ মাতৃ,ভগ্নী আৰু এগৰাকী ভাতৃয়ে বসৱাস কৰে ৷ ভাৰতীয় খাদ্য নিগমৰ ডিমাপুৰ মাণ্ডলিক কাৰ্যালয়ৰ প্ৰৱন্ধক (সাধাৰণ) হিচাপে ২০১৮ চনত যোগদান কৰা কিশোৰ সূত্ৰধাৰ বৰ্তমানলৈকে ডিমাপুৰতে কাৰ্যনিৰ্বাহ কৰি আছে আৰু লকডাউনৰ পিছৰে পৰাই কোকৰাঝাৰলৈ আহিবলৈ সক্ষম হোৱা নাই ৷

কোকৰাঝাৰলৈ সুনাম কঢ়িয়ালে কিশোৰ সূত্ৰধৰে

অসমৰ পৰা পাঁচগৰাকীয়ে 2019 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰিছে ৷ তাৰ ভিতৰত আৰণ্যক শইকীয়াই 59 তম,ছিজেল আগৰৱালাই 112 তম স্থান পায় ৷ তপন ডেকাই 766 তম,নিৱেদিতা দত্তই 679 তম আৰু কিশোৰ সূত্ৰধাৰে 784 তম স্থান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

লগতে পঢ়কঃ অযোধ্যাৰ ভূমি পূজনৰ বাবে সময় ধাৰ্য কৰা পুৰোহিতক ফোনযোগে ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.