ETV Bharat / state

বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচনৰ দাবী গাঁওবুঢ়া সন্থাৰ - assembly election

6 এপ্ৰিলত বিটিআৰত বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ আৰু মুক্তভাৱে অনুষ্ঠিত কৰাৰ দাবী বিটিএডি গাঁওবুঢ়া সন্থাৰ ৷ মঙলবাৰে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি শান্তিপূৰ্ণ আৰু মুক্ত মনেৰে ভোটদান সাব্যস্ত কৰাৰ বাবে প্ৰশাসনক কটকটীয়া নিৰাপত্তা গ্ৰহণৰ দাবী জনায় সন্থাটোৱে ৷

gaonburha association pressmeet
গাঁওবুঢ়া সন্থাৰ সংবাদমেল
author img

By

Published : Mar 23, 2021, 10:31 PM IST

কোকৰাঝাৰ,23 মাৰ্চ: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিটিআৰ এলেকাত 6 এপ্ৰিলত হ’বলগীয়া বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ আৰু মুক্তভাৱে অনুষ্ঠিত কৰাৰ দাবী জনাইছে সদৌ বিটিএডি গাঁওবুঢ়া সন্থাই ৷ মঙলবাৰে কোকৰাঝাৰ চহৰৰ নিলগৰ খাৰগাঁৱস্থিত গাঁওবুঢ়া ভৱনত এক সংবাদমেল সম্বোধন কৰে গাঁওবুঢ়া সন্থাই ৷

সংবাদমেলযোগে বিটিএডি গাঁওবুঢ়া সন্থাৰ সাধাৰণ সম্পাদক ৰবাৰ্ট খেৰকেটাই বিটিআৰৰ এলেকাত হ’বলগীয়া বিধানসভা নিৰ্বাচনত যাতে ৰাইজে শান্তিপূৰ্ণ আৰু মুক্ত মনেৰে ভোটদান সাব্যস্ত কৰিব পাৰে, তাৰ বাবে প্ৰশাসনক কটকটীয়া নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবী জনায় ৷ গাওঁবুঢ়া সন্থাৰ নেতাগৰাকীয়ে ষ্পষ্ট কৰি দিয়ে যে, সদৌ বিটিএডি গাঁওবুঢ়া সন্থা হ’ল এটা অৰাজনৈতিক সংগঠন আৰু সন্থাৰ লক্ষ্য হ’ল সকলো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ গঢ়ি তোলা ৷

gaonburha association pressmeet
গাঁওবুঢ়া সন্থাৰ সংবাদমেল

তেনেক্ষেত্ৰত বিটিআৰৰ চিৰাং জিলাৰ ঔগুৰী আৰু নাঙলভাঙা ভিচিডিচিৰ অধিনষ্ঠ একাংশ ইউপিপিএল কৰ্মী-সমৰ্থকে একপক্ষীয়ভাৱে ইউপিপিএলৰ গাওঁবুঢ়া বিচৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে গাওঁবুঢ়া সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ তেওঁ ইউপিপিএলৰ কৰ্মকৰ্তাসকলক ভৱিষ্যতে সমাজত বিভাজন ঘটোৱা কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান জনায় ৷

সাধাৰণ সম্পাদক ৰবাৰ্ট খেৰকেটাই আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰৰ চাৰিখন জিলাৰ সন্থাৰ সকলো সদস্যক সমাজত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত কাম কৰাৰ বাবে আহ্বান জনায় ৷ উক্ত সংবাদমেলত উপস্থিত থাকে বিটিএডিত গাঁওবুঢ়া সন্থাৰ সভাপতি ধনঞ্জয় ব্ৰহ্ম, যুটীয়া সম্পাদক বিজয় বৰগয়াৰীসহ সন্থাৰ কেইবাগৰাকীও নেতৃবৃন্দ ৷

লগতে পঢ়ক : স্বামীক উদ্ধাৰৰ বাবে তেহচিন আখতাৰৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.