ETV Bharat / state

আৰম্ভ হৈছে ইউপিপিএলৰ পৰিৱৰ্তন যাত্ৰা - বিটিচিৰ নিৰ্বাচনী প্ৰস্তুতি

তুংগত বিটিচিৰ নিৰ্বাচনী প্ৰস্তুতি ৷ ভোটাৰ ৰাইজৰ মন আকৃষ্ট কৰিবলৈ এটাৰ পিছত আনটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ সোমবাৰৰ পৰা বিটিচিত আৰম্ভ হৈছে ইউপিপিএল দলৰ পৰিৱৰ্তন যাত্ৰা ৷

Election campaign of UPPL in kokrajhar assam etv bharat news
ইউপিপিএলৰ পৰিৱৰ্তন যাত্ৰা
author img

By

Published : Nov 23, 2020, 1:32 PM IST

কোকৰাঝাৰ,23 নৱেম্বৰ: বিটিচি নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ তেনে সময়তে ভোটাৰ ৰাইজক আকৃষ্ট কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ ন ন পন্থা হাতত লৈছে প্ৰতিটো ৰাজনৈতিক দলে ৷ নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্য আগত ৰাখি সোমবাৰৰ পৰা বিটিআৰৰ প্ৰতিটো মহকুমাত ইউপিপিএল দলে আৰম্ভ কৰিছে পৰিৱৰ্তন যাত্ৰা ৷ বিটিচি পৰিষদীয় সমষ্টি ৰৌতাৰ বৰছলাৰ পৰা এটি বাইক ৰেলীৰে পৰিৱৰ্তন ৰেলীৰ শুভাৰম্ভ কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

বাইক ৰেলীৰে আৰম্ভ এই যাত্ৰা

উক্ত ৰেলীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত বিটিআৰবাসীয়ে এই নিৰ্বাচনৰ জৰিয়তে পৰিৱৰ্তন বিচৰাৰ কথা প্ৰকাশ কৰে ৷ লগতে এইবাৰ বিটিআৰত ৰাইজে পৰিৱৰ্তন দেখা পোৱাৰো দাবী উত্থাপন কৰে বড়োৱে ৷ এই নিৰ্বাচনৰ জৰিয়তে বিগত 17 বছৰীয়া হাগ্ৰামা বাহিনীৰ দাদাগিৰিৰো অন্ত পৰাৰ দাবী উত্থাপন কৰে ইউপিপিএলৰ সভাপতিগৰাকীয়ে ৷

লগতে চাওকঃ কঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.