ETV Bharat / state

23 গৰাকী পাৰিষদৰ আস্থা ভোটত জয়ী প্ৰমোদ বড়ো চৰকাৰ

author img

By

Published : Dec 24, 2020, 7:38 PM IST

বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে নিৰ্বাচিত হ'ল প্ৰমোদ বড়ো ৷ গোপন বেলটৰ পৰিৱৰ্তে নিৰ্বাচিত পাৰিষদসকলে হাত দাঙি তেওঁলোকৰ আস্থা ভোট প্ৰকাশ কৰে ৷ প্ৰমোদ বড়ো চৰকাৰৰ সপক্ষে 23 গৰাকী সদস্যই হাত ওপৰলৈ তোলে ৷

23 গৰাকী পাৰিষদৰ আস্থা ভোটত জয়ী প্ৰমোদ বড়ো চৰকাৰ
23 গৰাকী পাৰিষদৰ আস্থা ভোটত জয়ী প্ৰমোদ বড়ো চৰকাৰ

কোকৰাঝাৰ, ২৪ ডিচেম্বৰ: বিপিএফৰ প্ৰবল প্ৰতিবাদ সত্বেও অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ইউপিপিএল-বিজেপি-জিএছপিয়ে জয়লাভ কৰিলে বিটিচি পৰিষদীয় চৰকাৰৰ আস্থা ভোটত ৷ ইয়াৰ সমান্তৰালভাৱে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে নিৰ্বাচিত হ'ল প্ৰমোদ বড়ো ৷ সদনৰ সকলো নিয়মাৱলী ভংগ কৰাৰ অভিযোগেৰে বিপিএফৰ নেতাসকলে সদনৰ মজিয়া প্ৰবল প্ৰতিবাদেৰে কঁপাই তোলে যদিও, শেষ হাঁহি প্ৰমোদ বড়োই মাৰিবলৈ সক্ষম হয় ৷

গোপন বেলটৰ পৰিৱৰ্তে নিৰ্বাচিত পাৰিষদসকলে হাত দাঙি তেওঁলোকৰ আস্থা ভোট প্ৰকাশ কৰে ৷ প্ৰমোদ বড়ো চৰকাৰৰ সপক্ষে 23 গৰাকী সদস্যই হাত ওপৰলৈ তোলে ৷ আনহাতে সদনৰ আৰম্ভণিত বিপিএফৰ প্লে'কাৰ্ড লৈ কৰা তুমুল প্ৰতিবাদ আৰু

ইউপিপিএল, বিজেপি আৰু জিএছপিৰ তুমুল হৰ্ষোধ্বনিৰ মাজত বিটিচি বিধান পৰিষদত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় ৷ যাৰ পৰিণতিত অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় ৷ সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাচত পুনৰাই বিপিএফৰ নিৰ্বাচিত সদস্যসকলে প্ৰতিবাদেৰে সদনৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াৰ মাজতেই ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰ আস্থাভোটত জয়ী হয় ৷

বিটিচিৰ বিধান পৰিষদত নিৰ্বাচিত পাৰিষদসকলে আসন গ্ৰহণ কৰাৰ পাছতেই অধ্যক্ষই সদনৰ কাম-কাজ আৰম্ভ কৰে যদিও, ১২ নং ছালাকাটি সমষ্টিৰ বিপিএফৰ নিৰ্বাচিত প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীয়ে পোন প্ৰথমে অধ্যক্ষই সদনৰ নীতি-নিয়ম ভংগ কৰি সদন পৰিচালনা কৰা বুলি অভিযোগ উত্থাপন কৰে আৰু সদনৰ মজিয়াত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে । বিপিএফৰ নিৰ্বাচিত পাৰিষদৰ একাংশই মাইক্ৰফোন পৰ্যন্ত আজুৰি আনে আৰু হাতত "চেভ ডেমক্ৰেচি" প্লে'কাৰ্ড লৈ ব্যাপক হুলস্থুল-প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: জিতেন্দ্ৰ সিঙৰ প্ৰতিবেদনে পাখি কাটিব নেকি ৰিপুন বৰাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.