ETV Bharat / state

27 জানুৱাৰীত বন্ধ থাকিব বিটিআৰৰ চাৰি জিলা - বিটিআৰ

2020 বৰ্ষৰ 27 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ এবছু আৰু এন ডি এফ বিৰ চাৰিটা গোটৰ মাজত স্বাক্ষৰিত হৈছিল তৃতীয়খন বড়ো শান্তি চুক্তি ৷ বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূতি উপলক্ষে 27 জানুৱাৰীত বিটিআৰৰ অধীনৰ চাৰিওখন জিলাতে স্থানীয় বন্ধ ঘোষণা কৰিছে বিটিচি প্ৰশাসনে ৷

BTC ADMIN ANNOUNCED LOCAL HOLIDAY ON 27TH JAN

author img

By

Published : Jan 22, 2021, 12:16 PM IST

নিউজ ডেস্ক, 22 : অহা 27 জানুৱাৰীত সম্পূৰ্ণ হ’ব বিটিআৰ চুক্তিৰ এটা বছৰ ৷ প্ৰথম বৰ্ষপূতি উপলক্ষে 27 জানুৱাৰীত বিটিআৰৰ অধীনৰ চাৰিওখন জিলাতে স্থানীয় বন্ধ ঘোষণা কৰিছে বিটিচি প্ৰশাসনে ৷ উক্ত দিনটোত বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান ৷

উল্লেখ্য যে, 2020 বৰ্ষৰ 27 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ এবছু আৰু এন ডি এফ বিৰ চাৰিটা গোটৰ মাজত স্বাক্ষৰিত হৈছিল তৃতীয়খন বড়ো শান্তি চুক্তি ৷ এই শান্তি চুক্তি অনুসৰি বিটিএডিক নতুন নামকৰণ কৰা হৈছিল বিটিআৰ হিচাপে ৷ বিটিচি প্ৰশাসনে ইতিমধ্যে প্ৰেৰণ কৰিছে এক নিৰ্দেশনা ৷ বন্ধ থাকিব লগীয়া জিলা কেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি ৷

লগতে পঢ়ক : পীযুষ হাজৰিকাৰ মন্তব্যই চিন্তাত পেলাইছে বিজেপিৰ সংখ্যালঘু নেতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.