ETV Bharat / state

নিৰ্বাচনৰ বাবে সাজু বিপিএফঃ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম - মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

বিটিচিত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি বিজেপিয়ে কৰা দাবী সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কাৰোবাৰ ভৰিৰ তলত মাটি নাথাকিব পাৰে কিন্তু ডাইলগ মাৰে বুলি তীৰ্যক মন্তব্য কৰে । আনহাতে বিজেপিৰে মিত্ৰতা অব্যাহত আছে বুলি কৈ বিপিএফৰ পৰা বিজেপিলৈ দুই- এজন নেতাই যোগদান কৰিছে যদিও নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেহে বিজেপিলৈ গৈছে বুলি মন্তব্য কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

BPF ready for elections
নিৰ্বাচনৰ বাবে সাজু বিপিএফঃমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম
author img

By

Published : Jun 19, 2020, 6:09 PM IST

কোকৰাঝাৰ,19 জুনঃ কোকৰাঝাৰ সদৰ চহৰৰ পদপথত দোকান দি জীৱন-নিৰ্বাহ কৰা ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানসমূহ স্থানান্তৰিত কৰা হ'ল চহৰখনৰ স্থায়ী বজাৰগৃহলৈ ৷ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্থানান্তৰণ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ শুকুৰবাৰে পুৱাই বজাৰত উপস্থিত হয় সমাজকল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ দোকানসমূহ স্থায়ী বজাৰগৃহলৈ স্থানান্তৰ কৰাৰ অন্তত এইয়া কোকৰাঝাৰবাসীৰ বাবে এটা ভাল খবৰ বুলি মন্তব্য কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি চলি থকাৰ বাবে বহু অসুবিধাৰ সৃষ্টি হোৱাৰ কথাও উল্লেখ কৰে ৷

নিৰ্বাচনৰ বাবে সাজু বিপিএফঃমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

ইপিনে মন্ত্ৰীগৰাকীয়ে,বিটিচি নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ আগত নিৰ্বাচনৰ বাবে বিপিএফ সাজু বুলি কৈ সমুখ সমৰত ধীৰে-স্থিৰে আগবাঢ়িব বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰিও বিটিচিত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি কৰা দাবী সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কাৰোবাৰ ভৰিৰ তলত মাটি নাথাকিব পাৰে কিন্তু ডাইলগ মাৰে বুলি তীৰ্যক মন্তব্য কৰে । আনহাতে বিজেপিৰে মিত্ৰতা অব্যাহত আছে বুলি কৈ বিপিএফৰ পৰা বিজেপিলৈ দুই-এজন নেতাই যোগদান কৰিছে যদিও নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেহে বিজেপিলৈ গৈছে বুলি কয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

উল্লেখযোগ্য যে, ৪ বছৰ পূৰ্বে প্ৰায় ৪ কোটি ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বজাৰগৃহটো দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ পৰি থকাৰ পিছত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্দেশনাত জিলা প্ৰশাসনে শাক পাচলিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক বজাৰ গৃহলৈ স্থানান্তৰিত কৰে । এই সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকন,জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন আৰু কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মন ৷

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.