ETV Bharat / state

একেৰাহে চতুৰ্থবাৰলৈ বিজয় ধ্বজা উৰুৱালে মাজেন্দ্ৰ নাৰ্জাৰীয়ে - গোসাইগাঁও বিধানসভা সমষ্টিত চতুৰ্থবাৰ বিধায়ক হিচাপে নিৰ্বাচিত বি পি এফৰ প্ৰাৰ্থী মাজেন্দ্র নাৰ্জাৰী

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিত চতুৰ্থবাৰ বিধায়ক হিচাপে নিৰ্বাচিত বি পি এফৰ প্ৰাৰ্থী মাজেন্দ্র নাৰ্জাৰী ৷ একেদৰে জিলাখনৰ ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিতো বি পি এফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ ৷

Kokrajhar
কোকৰাঝাৰ ৰ দুই সমষ্টি বি পি এফৰ দখলত
author img

By

Published : May 3, 2021, 1:05 PM IST

কোকৰাঝাৰ, ৩ মে': কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি হৈছে ৩০ নং পূৱ কোকৰাঝাৰ সমষ্টি । এই সমষ্টিটোত বি পি এফৰ প্ৰমিলা ৰাণী ব্ৰহ্মক পৰাজিত কৰি ইউ পি পি এলৰ লৰেন্স ইছলাৰীয়ে জয়লাভ কৰাৰ বিপৰীতে ২৯ নং পশ্চিম কোকৰাঝাৰ আৰু ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিত বি পি এফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ৷

একৰাহে চতুৰ্থবাৰৰ বাবে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীয়ে ৷ কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা বি পি এফৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । মাজেন্দ্ৰ নাৰ্জাৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী তথা ইউ পি পি এলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীক ১০২৯১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ মাজেন্দ্র নাৰ্জাৰীয়ে ৬৯৭৯০ টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এলৰ সোমনাথ নাৰ্জাৰীয়ে ৫৯৪৯৯ টা ভোট লাভ কৰে ।

একেদৰে গোসাইগাঁও মহকুমাৰ ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিটো বি পি এফ দলৰ প্রাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় । ৰবিৰাম নাৰ্জাৰীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ইউ পি পি এলৰ মনোৰঞ্জন ব্ৰহ্মক ১২২৩৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷ আৰম্ভণিতে কেইবাটাও ৰাউণ্ডত ৰবিৰাম নাৰ্জাৰী বহু পিছপৰি আছিল যদিও পিছলৈ অগ্ৰগতি লাভ কৰাত সমষ্টিটোত বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷ ৰবিৰাম নাৰ্জাৰীয়ে ৭৬৮২৬ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী তথা ইউ পি পি এলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্রহ্মই ৬৪৫৯৩ ভোট লাভ কৰে ।

লগতে পঢ়ক: হাফলং সমষ্টিত বিজয়মাল্য পিন্ধিলে বিজেপি প্ৰাৰ্থী নন্দিতা গার্লচাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.