ETV Bharat / state

কলৰ ভূঁৰেৰে দৈনিক বিপদসংকুল যাত্ৰা - মডেল বিটিচি

মডেল বিটিচিৰ ভয়াৱহ দৃশ্য । যি সময়ত বিটিচিৰ উন্নয়নৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে তেনে সময়ত নদী পাৰ হ'বলৈ কলৰ ভূঁৰে একমাত্ৰ সাৰথি ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ । মৰণত শৰণ দি নিতৌ কলৰ ভূঁৰেৰে যাতায়ত ৰাইজৰ ।

কলৰ ভূঁৰৰেই দৈনিক বিপদসংকুল যাত্ৰা
author img

By

Published : Jul 29, 2019, 11:52 AM IST

গোসাঁইগাঁও, 29 জুলাই : বিটিচিৰ ব্যাপক উন্নয়ন সাধন হোৱাৰ সময়তে বিগত পোন্ধৰ বছৰে উন্নয়ন নহ'ল গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অধীনস্থ দুই নম্বৰ হাতীগঁড় গাঁও ৷ গাঁওখনত আজি পৰ্যন্ত যাবলৈ নাই উপযুক্ত বাট-পথ, নাই দলং । পাগলা নদীৰ ওপৰত দলং নথকাত প্ৰতিবছৰে গাঁৱৰ ৰাইজে নিজৰ শ্ৰমেৰে বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে যদিও বাৰিষা আহিলেই পানীত উটি যায় দলং ৷ ফলত এতিয়া কলৰ ভূঁৰেই একমাত্ৰ সাৰথি হৈ পৰিছে গাঁওবাসীৰ ৷ কলৰ ভূঁৰেৰেই পাৰাপাৰ হয় এক নম্বৰ হাতীগঁড়, দুই নম্বৰ হাতীগঁড়, ভদেয়াগুৰি, গাৰোকতৰা আদি কৰি পাঁচ সাতখন গাঁৱৰ ছাত্ৰ-ছাত্ৰী, ৰাইজ ৷

কলৰ ভূঁৰৰেই দৈনিক বিপদসংকুল যাত্ৰা

বহু সময়ত কলৰ ভূঁৰ নথকাত গাঁৱৰ ৰাইজে কান্ধত তুলি ছাত্ৰ-ছাত্ৰীক পাৰ কৰে নদী ।এনেদৰেই দলঙৰ অভাৱত জীৱন মৰণক আওকাণ কৰি দৈনিক বিপদসংকুল যাত্ৰা কৰে ছাত্ৰ-ছাত্ৰীয়ে । ইপিনে দলং নথকাত গাঁও সমূহত নাযায় এম্বুলেন্স, আৰক্ষী বাহন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ফলত সাঙীত তুলি ৰোগীক নিবলগীয়া হয় হাস্পতাললৈ ৷ দীর্ঘদিন ধৰি এনেদৰেই গাঁওকেইখনৰ হাৰাশাস্তি খাই আহিছে যদিও আজিলৈ চকু পৰা নাই বিটিচি কর্তৃপক্ষ আৰু জনপ্ৰতিনিধিৰ ।

Intro:Story :- মডেল বিটিচিৰ যাতায়তৰ একমাত্ৰ ভৰসা কলৰ ভুৰ : কান্ধত তুলি নদী পাৰ কৰে ছাত্ৰ ছাত্ৰীক : উদাসীন বিটিচি চৰকাৰ :

Feed Name :- Gossaigaon False Model BTC.
Rpt :- Gossaigaon.
Date :- 29/7/19.

Anchore :- মডেল বিটিচিৰ ভয়াবহ দৃশ্য। যি সময়ত বিটিচিৰ উন্নয়নৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে তেনে সময়ত নদী পাৰ হবলৈ কলৰ ভুৰে একমাত্র সাৰথি ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ। জীৱন মৰণ দি নিতৌ কলৰ ভুৰেৰে যাতায়ত। এক প্ৰতিবেদন --- ।

Body:

S / O :- গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা পশ্চিম কোকৰাঝাৰ বিধান সভা সমষ্টিৰ অধীনস্থ এখন গাঁও। গাঁওখনৰ নাম দুই নম্বৰ হাতীগঁড়। কিন্তু বিটিচিৰ ব্যাপক উন্নতি সাধন হৈছে যদিও বিগত পোন্ধৰ বছৰে পৰিৱৰ্তন আৰু উন্নয়ন নহল এইখন গাঁও। গাঁওখনত যাবলৈ নাই উপযুক্ত বাট পথ। নাই দলং ।পাগলা নদীৰ ওপৰত দলং নথকাত প্ৰতিবছৰে গাঁৱৰ ৰাইজে নিজৰ শ্ৰম আৰু বাঁহ দি এখন দলং নিৰ্মাণ কৰে যদিও বাৰিষা অহাৰ পূৰ্বে উঠি যায় পানীত। পূৰ্বৰ দৰে এইবেলিও বাঁহৰ দলং উঠি যায়। ফলত এক নম্বৰ হাতীগঁড়, দুই নম্বৰ হাতীগঁড়, ভদেয়াগুৰি, গাৰোকতৰা আদি কৰি পাঁচ সাতখন গাঁৱৰ ছাত্ৰ ছাত্ৰী, ৰাইজ কলৰ ভুৰেৰে পাৰাপাৰ হয়। বহু সময়ত কলৰ ভুৰ নথকাত গাঁৱৰ ৰাইজে কান্ধত তুলি ছাত্ৰ ছাত্ৰীক পাৰ কৰে নদী । জীৱন মৰণক আওকাণ কৰি দৈনিক ছাত্ৰ ছাত্ৰী বিপদ শংকুল যাত্ৰা কৰে। Conclusion: দলং নথকাত গাঁও সমূহত নাযায় এম্বুলেন্স, আৰক্ষী বাহন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। বিয়া বাৰু হলে নাযায় গাড়ী। গৰ্ভৱতী মহিলা, ৰোগীক সাঙি কৰি পাৰ কৰে নদী। দীর্ঘদিন ধৰি এনেদৰে চলি আহিছে যদিও বিটিচি কর্তৃপক্ষ আৰু জনপ্ৰতিনিধিৰ চকু আজিলৈ গাঁওখনত পৰা নাই। এয়াই হৈছে মডেল বিটিচিৰ ভয়াবহ ছবি।

Byte :- গাঁওবাসী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.