কোকৰাঝাৰ, 16 ডিচেম্বৰঃ ফকিৰাগ্ৰাম পৌৰসভাৰ অধ্যক্ষসহ এঘাৰজনীয়া সদস্যক চৰকাৰীভাৱে আনুষ্ঠানিক নিযুক্তি পত্ৰ বিতৰণ ৷ সোমবাৰে অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী ৷ এন ডি এফ বিৰ সৈতে হ’বলগীয়া চুক্তিত পূৰ্ণ সহযোগ কৰাৰ বাবে আহ্বান জনায় আছু,এবিএমছুকে ধৰি সকলো দল সংগঠনক ৷ আনহাতে,ৰাজ্যৰ নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বিষয়ে কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে বিটিএডিত শান্তি সমদল উলিওৱাৰ চিন্তা চৰ্চা কৰি থকা বুলি জনায় ৷
উল্লেখ্য যে,ফকিৰাগ্ৰামৰ আঠটা ৱাৰ্ডক সামৰি ফকিৰাগ্ৰাম পৌৰসভা হিচাপে ঘোষণা কৰা হয় ৷ সোমবাৰে অনুষ্ঠিত উক্ত সভাত উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ,বিটিচিৰ সচিৱ বিৰেন চন্দ্ৰ ফুকনৰ লগতে বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ চি এইচ ডি নিবেদিতা হাজৰিকা ৷
আৰু পঢ়ক- প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক গৰিহণা কংগ্ৰেছৰ