ETV Bharat / state

গৃহমুখি হ'ল কোৱাৰেণ্টাইন কেন্দ্ৰৰ 42 গৰাকী তীৰ্থযাত্ৰী

author img

By

Published : Apr 10, 2020, 7:54 PM IST

আন্তঃ ৰাজ্যিক সীমান্ত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত থকা কোৱাৰেণ্টাইন কেন্দ্ৰৰ 42 গৰাকী তীৰ্থযাত্ৰীক শুকুৰবাৰে আৰনাই আৰু ফুলাম গামোচাৰে সম্ভাষণ জনাই ঘৰলৈ পঠিয়ালে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

after quarantine 42 peoples were felicited by gamosa and arnai in kokrajhar

কোকৰাঝাৰ, 10 এপ্ৰিলঃ শুকুৰবাৰে আন্তঃ ৰাজ্যিক সীমান্ত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হৈ তাত থকা ৪২ গৰাকী তীৰ্থযাত্ৰীক আৰনাই আৰু ফুলাম গামোচাৰে সম্ভাষণ জনাই ঘৰলৈ পঠিয়ালে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । উল্লেখ্য যে, অসমৰ কেইবাটাও অঞ্চলৰ পৰা এমাহ পূৰ্বে বৈষ্ণুদেৱী, স্বৰ্ণ মন্দিৰ, দিল্লী আদি তীৰ্থস্থানৰ পৰা অহা ৪২ গৰাকী তীৰ্থযাত্ৰীৰ দল এটা বিগত পোন্ধৰ দিনে এই কোৱাৰেণ্টাইন কেন্দ্ৰতে ৰখা হৈছিল । কোৱাৰেণ্টাইন থকা 15 দিনৰ অন্তত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শ্ৰীৰামপুৰলৈ আহি তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে । আজি কোৱাৰেণ্টাইনত থকা সমূহ লোককে আৰনাই আৰু ফুলাম গামোচাৰে সম্ভাষণ জনাই এখন বাছেৰে তীৰ্থযাত্ৰী সকলক ঘৰলৈ পঠিয়াই দিয়া হয় ।

ঘৰলৈ পঠিওৱা হ'ল কোৱাৰাণ্টাইন কেন্দ্ৰৰ 42 গৰাকী তীৰ্থযাত্ৰীক

উল্লেখ্য যে, এনেদৰেই পৰ্যায়ক্ৰমে সীমান্তৰ তিনিটা স্থানৰ কোৱাৰাণ্টাইন কেন্দ্ৰত থকা প্ৰায় চাৰিশ লোকক নিজ নিজ গন্তব্য স্থানলৈ লৈ যোৱা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.