ETV Bharat / state

ABSU protest at Bodoland University: তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ - Third year semester end exams

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিক লৈ সোমবাৰে এবছুৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ত চৌহদত ব্যাপক ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (ABSU protest against Bodoland University) । লগতে ধৰ্ণা কাৰ্যসূচীৰ অন্তত তিনিদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ এবছুৱে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

absu-protest-against-bodoland-university
তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিকলৈ এবছুৰ প্ৰতিবাদ
author img

By

Published : Nov 7, 2022, 6:02 PM IST

কোকৰাঝাৰ, ৭ নৱেম্বৰ: সম্প্ৰতি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিকলৈ উত্তাল হৈ পৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয় । তৃতীয় ষান্মাসিকৰ পৰীক্ষাৰ ফলাফলৰ বিসংগতিৰ বাবে এবছুৱে সোমবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত চৌহদত ব্যাপক ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (ABSU protest against Bodoland University) ।

ধৰ্ণা কাৰ্যসূচীত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ছাত্ৰ একতা সভাৰ লগতে আছু, এবিএমছু, চাওতাল ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা (Bodo Sahitya Sabha) আৰু বড়ো সমাজকে ধৰি বিটিআৰৰ চাৰিখন জিলাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ ৷ লগতে ধৰ্ণা কাৰ্যসূচীৰ অন্তত তিনিদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ এবছুৱে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

এই ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্ব দিয়া এবছুৰ সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বিসংগতিৰ বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ইয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকিয়নি প্ৰদান কৰি এবছুৰ সহকাৰী সম্পাদক গৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷ তদুপৰি পথ অৱৰোধ কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব বুলিও সদৰী কৰে এবছুৰ (All Bodo Student Union) সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে ।

তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিকলৈ এবছুৰ প্ৰতিবাদ

ইয়াৰোপৰি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী জৰিয়তে স্নাতক তৃতীয় ষান্মাষিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বিসংগতিৰ বিষয়টো উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিং আৰু বিশ্ববিদ্যালয়খনৰ নিয়ন্ত্ৰক অমিতাভ বৰুৱাক বহিস্কাৰ আৰু ছাত্ৰ ছাত্ৰীক পাঠ্যক্ৰমৰ পাঠ্যতালিকা মতে প্ৰয়োজনীয় কিতাপ যোগান ধৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে ৷

ধৰ্ণা কাৰ্যসূচীত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ছাত্ৰ একতা সভাৰ লগতে আছু, এবিএমছু, চাওতাল ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু বড়ো সমাজকে ধৰি বিটিআৰৰ চাৰিখন জিলাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত তিনিদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ এবছুই ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

উল্লেখযোগ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাত ( Third year semester end exams) এইবেলি ১২ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ এই 12 হাজাৰ পৰীক্ষাৰ্থীৰ ভিতৰত কেৱল মাত্ৰ ৩ হাজাৰ পৰীক্ষাৰ্থীহে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে এই ফলাফলক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ইয়াৰ পিছতেই বিটিআৰ এলেকাৰ বহুসংখ্যক কলেজৰ ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফল ঘোষণাত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: Students protest in Bodoland University: চূড়ান্ত পৰীক্ষাৰ ফলাফলকলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.