কোকৰাঝাৰ,30 জুন: কোকৰাঝাৰ জিলাৰ দোতমা বজাৰস্থিত লাভলী ৰেষ্টুৰেণ্টত চাওমিন খাই এগৰাকী ছাত্ৰই কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে লগতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অন্য দুগৰাকী ছাত্ৰ ৷ উক্ত ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰত ৷ চাওমিনৰ বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটা ছাত্ৰগৰাকী বিষ্টুচৰণ ব্ৰহ্মৰ পুত্ৰ ভূমিধৰ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে, চিকিৎসাধীন হৈ থকা ছাত্ৰ দুজন পৰমেশ্বৰ ব্ৰহ্ম আৰু সত্যজিৎ ব্ৰহ্ম বুলি জানিব পৰা গৈছে ৷
মৃত ছাত্ৰগৰাকীৰ পিতৃয়ে অভিযোগ উত্থাপন কৰা অনুসৰি, বিগত ২৮ জুনত তিনি বন্ধুৱে ৰেষ্টুৰেণ্টখনত চাওমিন খোৱাৰ পিছতে বমি কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰথমাৱস্থাত ছাত্ৰ তিনিজনক দোতমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ অৰ্থে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয় ৷ পৰবৰ্তী সময়ত ভূমিধৰ আৰু সত্যজিৎ ব্ৰহ্মক বঙাইগাঁৱস্থিত লৱাৰ আছাম হাস্পতাল আৰু ৰিচাৰ্ছ চেণ্টাৰত ভৰ্তি কৰোৱা হয় । সোমবাৰে চিকিৎসাধীন অৱস্থাত ভূমিধৰে কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে সত্যজিৎ ব্ৰহ্মৰ অৱস্থা বৰ্তমানেও সংকটমুক্ত নহয় বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ আনগৰাকী ছাত্ৰ সম্প্ৰতি বিপদমুক্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷
ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা দোতমা থানাত ঘটনা সন্দৰ্ভত ৮/২০ নম্বৰত ৰুজু কৰা হৈছে এক গোচৰ ৷ পৰিয়ালৰ গোচৰৰ ভিত্তিত প্ৰাথমিক তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী সুবোধ বৰগয়াৰীক আটক কৰিছে । লগতে জিলা খাদ্য পৰিদৰ্শক বিলিফাং বসুমতাৰীয়ে পৰীক্ষাৰ বাবে খাদ্যৰ নমুনা সংগ্ৰহ কৰে ৷
লগতে চাওকঃ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ