ETV Bharat / state

মাতৃক চিকিৎসালয়ত চাবলৈ আহি ধৰ্ষণৰ বলি দুই যুৱতী

6 জনকৈ লোকৰ অসৎ কামনাৰ বলি দুগৰাকী যুৱতী ৷ পোহৰৰ উৎসৱৰ মাজতে কৰিমগঞ্জ জিলাৰ নিলামবজাৰত সংঘটিত হৈছে এক দলৱদ্ধ ধৰ্ষণ কাণ্ড ৷ নিজ মাতৃক চিকিৎসালয়ত দেখা কৰিবলৈ আহি ঘৰলৈ বুলি ওভতাৰ পথতে গণধৰ্ষণৰ চিকাৰ দুগৰাকী যুৱতী ৷

মাতৃক চিকিৎসালয়ত দেখা কৰি ঘৰলৈ উভতাৰ পথত গণধৰ্ষণৰ বলি দুগৰাকী ছোৱালী

author img

By

Published : Nov 15, 2020, 9:34 AM IST

কৰিমগঞ্জ, 15 নৱেম্বৰ : দীপাৱলী উপলক্ষে সকলোৱে পোহৰ উদযাপন কৰাৰ মাজতে কৰিমগঞ্জত সংঘটিত এক ধৰ্ষণ কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ 6 জনকৈ লোকৰ কামনাৰ বলি হ'ল মাতৃক চিকিৎসালয়ত দেখা কৰিবলৈ আহি ঘৰলৈ বুলি উভতা দুগৰাকী ছোৱালী ৷ কৰিমগঞ্জ জিলাৰ নিলামবজাৰত সংঘটিত হৈছে এই দলৱদ্ধ ধৰ্ষণ কাণ্ড ৷

কৰিমগঞ্জত দলৱদ্ধ ধৰ্ষণৰ বলি দুগৰাকী যুৱতী

প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে শিলচৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি হৈ থকা নিজ মাতৃৰ চিকিৎসাৰ বুজ লবলৈ আহি নিশাৰ ভাগত এখন গাড়ী ভাড়া কৰি ঘৰলৈ বুলি উভতাৰ পথতে যুৱতী দুগৰাকী দলৱদ্ধ ধৰ্ষণৰ চিকাৰ হয় ৷ অভিযোগ অনুসৰি ভুক্তভোগী যুৱতী দুগৰাকী ঘৰলৈ বুলি উভতা গাড়ীখনৰ চালকজনে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে মাজবাটতে ভুল বাটেৰে নি নিশা প্ৰায় 1 বজাত নিলামবজাৰৰ এটা নিৰ্মিয়মান ঘৰত আনি বন্দী কৰি অন্য 5 জনৰ সৈতে মিলি এই কাণ্ড সংঘটিত কৰে ৷

জানিব পৰা মতে শনিবাৰে বিয়লি সুযোগ বুজি দুয়োগৰাকী ভুক্তভোগীয়ে ঘৰটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু বাজাৰীছড়া থানাত এক অভিযোগ দাখিল কৰে ৷ এই অভিযোগৰ ভিত্তিতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিছু সামগ্ৰী জব্দ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত এজন অন্যতম অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযুক্ত লোক গৰাকী আব্দুল আহাদ বুলি গম পোৱা গৈছে ৷ ধৃত আহাদক বৰ্তমান নিলামবজাৰ থানাত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকসহ আন শীৰ্ষ বিষয়াসকলে সোধ-পোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:জালুকবাৰীত দাউদাউকৈ জ্বলিল পথৰ দাঁতিত ৰখাই থোৱা বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.