ETV Bharat / state

কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোৰৰ তাণ্ডৱ - দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টি

দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুবৰি, বিলবাড়ী, নিশ্চিন্তপুৰ, পেচাৰপাৰ আদি আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী গাঁৱৰ স্থানীয় লোকৰ অভিযোগ অনুসৰি, বাংলাদেশৰ একাংশ অভিযুক্ত চোৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে এই অঞ্চলসমূহত ।

thief terror in karimganj intenational border

author img

By

Published : Apr 29, 2020, 2:48 PM IST

কৰিমগঞ্জ, 29 এপ্ৰিলঃ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুবৰি, বিলবাড়ী, নিশ্চিন্তপুৰ, পেচাৰপাৰ আদি আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী গাঁৱৰ লোকসকলে, নিদ্ৰাহীনভাৱেই কটাবলগীয়া হৈছে দিন । স্থানীয় ৰাইজৰ অভিযোগ, একাংশ বাংলাদেশী চোৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে এই অঞ্চলসমূহত । বিগত কেইবাদিনো ধৰি এই এলেকাসমূহৰ পৰা পোহনীয়া জীৱ-জন্তুৰ চুৰিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ।

কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোৰৰ তাণ্ডৱ

স্থানীয় লোকে জানিবলৈ দিয়া মতে, বহু বছৰ ধৰি একে সমস্যাৰে জৰ্জৰিত এই এলেকাসমূহ । অভিযোগ অনুসৰি, নিশাৰ ভাগত হাতত চোকা অস্ত্ৰ লৈ গাঁৱৰ ভিতৰত প্ৰৱেশ কৰে অজ্ঞাত লোক । বহুতে এওঁলোকক স্বচক্ষে প্ৰত্যক্ষ কৰিলেও প্ৰাণৰ শংকাত মুখ খুলিবলৈ সাহস নকৰে । সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত এনে কাণ্ড সংঘটিত হয় বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে ।

উল্লেখ্য যে, লক্ ডাউনৰ সময়ত আন্তঃৰাষ্ট্ৰীয়টো বাদেই আন্তঃজিলা সীমান্তসমূহো ছাল কৰি দিয়া হৈছে । তেনে পৰিপ্ৰেক্ষিতত সীমান্তবৰ্তী গাঁও সমূহত অনায়াসে কাঁইটীয়া তাঁৰ পাৰ হৈ, ভাৰতত প্ৰৱেশ কৰি চুৰিৰ ঘটনা সংঘটিত কৰা ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভুক্তভোগী ৰাইজে অতি শীঘ্ৰেই তেওঁলোকৰ এই সমস্যা চৰকাৰ তথা প্ৰশাসনক গুৰুত্ব সহকাৰে ল'বলৈ দাবী উত্থাপন কৰিছে । কিয়নো এই চুৰিৰ ঘটনা যদি অব্যাহত থাকে তেন্তে হয়তো কৰ'ণা সংক্ৰমণ ৰোধ কৰাটোও এক প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিব ।

লগতে পঢ়কঃ দূৰ্নীতি ! কৃষকৰ পৰিৱৰ্তে সাহায্যৰ ধন সোমাল চৰকাৰী কৰ্মচাৰীৰ একাউন্টত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.