ETV Bharat / state

আৰক্ষীৰ সন্মুখতে দাদাগিৰি গো-মাফিয়াৰ - উত্তৰ কৰিমগঞ্জ

কৰিমগঞ্জৰ বাশবাড়ি এলেকাত গৰুচোৰৰ সন্দেহত নিজাম উদ্দিন নামৰ লোক জনক আটক কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে গৰু চোৰ জনক জেললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ পোৱা গৈছে ৷

ETV BHARAT
আৰক্ষীৰ সন্মুখতে দাদাগিৰি গো-মাফিয়াৰ
author img

By

Published : May 21, 2020, 10:22 PM IST

কৰিমগঞ্জ,21 মেঃ উত্তৰ কৰিমগঞ্জৰ বাশবাড়ি এলেকাত এটা গৰু চোৰক আটক কৰে আৰক্ষীয়ে ৷ ধৃত গৰুচোৰটোৰ নাম নিজাম উদ্দিন বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ সন্মুখতে দাদাগিৰি গো-মাফিয়াৰ

উল্লেখ্য যে,উত্তৰ কৰিমগঞ্জৰ বাশবাড়ি এলেকাত জনৈক চম্পক দত্ত নামৰ লোক এজন গৰু চোৰ হৈছিল । তাৰ পিছত নিলামবজাৰ আৰক্ষী থানাত উক্ত ঘটনাটোৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ে চম্পক দত্তয় ৷ ইতিমধ্যে উক্ত এজাহাৰৰ ভিত্তিত নিলাম বজাৰ আৰক্ষী আৰু আবুল হুচেইন নামৰ লোক জনে বাশবাড়ি এলেকাৰ পৰা নিজাম উদ্দিন নামৰ লোক এজনক গৰু চোৰৰ সন্দেহত আটক কৰে ৷ আৰক্ষীৰ সন্মুখতে আবুল হুচেইন নাম লোকজনে নিজাম উদ্দিনক প্ৰহাৰ কৰা ঘটনাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ উল্লেখ্য যে, আবুল হুচেইন নাম লোকজন গো-মাফিয়াৰ লগত জড়িত থকা বুলি ৰাইজে গুৰুতৰ অভিযোগ তোলে ৷ ইতিমধ্যে নিজাম উদ্দিন নামৰ লোক জনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আনহাতে, স্থানীয় লোকে আৰক্ষীৰ সন্মুখত গৰু চোৰৰ সন্দেহত আটক কৰা লোকক কেনেকৈ প্ৰহাৰ কৰিবলৈ পালে তাক লৈ এক প্ৰশ্ন উদয় হৈছে স্থানীয় লোকৰ মাজত ৷

লগতে পঢ়ক-কৰিমগঞ্জত গৰু চুৰি আৰু হত্যাক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.