ETV Bharat / state

Eid al Adha 2022 : ভাৰত আৰু বাংলাদেশ সীমান্তত মিঠাই বিতৰণ নিৰাপত্তাৰক্ষীৰ - Eid Ul Adha celebrated in Assam

অতি উলহ মালহেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰে পবিত্ৰ ঈদ-উজ-জোহা (Eid al Adha 2022) ৷ কৰ’ণা মহামাৰীৰ বাবে বিগত প্ৰায় দুটা বছৰৰ অন্তত মুকলি-মূৰীয়াকৈ সকলোৱে ওলাই আহি পালন কৰে ঈদ ৷ ঈদ উপলক্ষে ভাৰত আৰু বাংলাদেশ সীমান্ততো বিতৰণ কৰা হয় মিঠাই ৷

Eid al Adha 2022
ভাৰত আৰু বাংলাদেশ সীমান্তত মিঠাই বিতৰণ
author img

By

Published : Jul 10, 2022, 8:07 PM IST

কৰিমগঞ্জ, 10 জুলাই : আজি পবিত্ৰ ঈদ-উজ-জোহা (Eid al Adha 2022) । সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ-উজ-জোহা বা ঈদ-উল-আজহা (Eid Ul Adha celebrated in Assam)৷ সমাজৰ অসূয়া অশান্তি দূৰ হৈ শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰা ডাল সু-দৃঢ় কৰাৰ উদ্দেশ্যে ইছালাম ধৰ্মাৱলম্বী লোকসকলে আল্লাহৰ ওচৰত দোৱা মাগিছে ৷

আজি পবিত্ৰ ঈদ-উজ-জোহা উপলক্ষে অসমৰ কৰিমগঞ্জ জিলাৰ সুতাৰকান্দি শুল্ক বন্দৰ আৰু বাংলাদেশৰ শেওলা শুল্ক বন্দৰৰ জিৰ’ পইন্টত উভয় দেশৰ সীমা সুৰক্ষা বাহিনীয়ে এজনে আনজনক মিঠাই বিতৰণ কৰে (Sweet Distribution on Indian and Bangladesh borders)। ভাৰত আৰু বাংলাদেশৰ মাজত সু-সম্পৰ্ক বজাই ৰখাৰ হেতুকে বিএছএফ আৰু বিজিবিৰ মাজত বিতৰণ কৰা হয় এই মিঠাই ।

জানিব পৰা মতে, ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম হ’ল ঈদ-উল-জোহা । এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কুৰ্বানি ঈদ । কুৰ্বানি ঈদৰ মূল অৰ্থ হ’ল ত্যাগৰ উৎসৱ । এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ ।

এই দিনটোত মুছলিম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দোম্বা বা ছাগলী কুৰ্বানি দিয়ে ৷ কুৰ্বানিৰ জৰিয়তে মানুহৰ অন্তৰত থকা পশুত্ব ত্যাগ কৰাই এই ঈদৰ মূল উদ্দেশ্য ।

লগতে পঢ়ক : Eid celebration: আজি দেশজুৰি পালন ঈদ-উল-জুহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.