ETV Bharat / state

ধৰ্ষণ-হত্যাৰে জড়িত দোষীৰ শাস্তিৰ দাবীত কৰিমগঞ্জত মানৱ শৃংখল

author img

By

Published : Oct 7, 2020, 3:10 PM IST

কৰিমগঞ্জত উমৰপুৰ মহিলা জাগৰণ সমিতিৰ মানৱ শৃংখল। উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ড আৰু কৰিমগঞ্জৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰে জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীত ক্ষোভ উজাৰে উমৰপুৰ মহিলা জাগৰণ সমিতিয়ে। হাতে হাতে প্লে'কাৰ্ড লৈ বিক্ষোভ কাৰ্যসূচীত অংশ লয় কণ কণ শিশুৱে।

ধৰ্ষণ-হত্যাৰে জড়িত দোষীৰ শাস্তিৰ দাবীত কৰিমগঞ্জত মানৱ শৃংখল
ধৰ্ষণ-হত্যাৰে জড়িত দোষীৰ শাস্তিৰ দাবীত কৰিমগঞ্জত মানৱ শৃংখল

কৰিমগঞ্জ, ৭অক্টোবৰ: দেশৰ ভিন্ন প্ৰান্তত হাথৰস কাণ্ডৰ নিৰ্যাতিতাৰ ন্যায়ৰ দাবীত অব্যাহত আছে প্ৰতিবাদ। কৰিমগঞ্জৰ শ্ৰীগৌৰী অঞ্চলত দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে উমৰপুৰ মহিলা জাগৰণ সমিতিয়ে। হাথৰছত গণধৰ্ষণৰ বলি হোৱা নিৰ্যাতিতাৰ ন্যায়ৰ দাবী জনায়। লগতে শেহতীয়াকৈ কৰিমগঞ্জত ধৰ্ষণকাৰীৰ হাতত প্ৰাণ হেৰুওৱা এগৰাকী যুৱতীৰ ন্যায়ৰো দাবী জনায় মহিলাসকলে। ধৰ্ষণৰ পিছত যুৱতীগৰাকীক হত্যা কৰি নৈত পেলাই দিছিল হত্যাকাৰীয়ে।

হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে উমৰপুৰ মহিলা জাগৰণ সমিতিয়ে। শীঘ্ৰে ন্যায় নিদিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সম্পাদিকা শ্বাস্বতী চক্ৰৱৰ্তী আৰু আন সদস্যসকলে। আনহাতে,এই প্ৰতিবাদী কাৰ্যসূচীত মহিলাসকলৰ কন্যা সন্তানেও অংশ লয়।

লগতে চাওকঃ গুৱাহাটীলৈ অনা হ'ল SI পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.