কৰিমগঞ্জ,22 ডিচেম্বৰ: দীৰ্ঘ প্ৰতীক্ষিত পাথাৰকান্দিৰ লোৱাইৰপোৱাৰ পৰা বিশ নম্বৰ বাইপাছলৈকে পথটোৰ আধাৰশিলা স্থাপন কৰে বিজেপি বিধায়ক কৃশেন্দু পালে ৷ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন হোৱাত আনন্দিত হৈ পৰিছে অঞ্চলবাসীয়ে ৷ দীৰ্ঘদিনৰ পৰা অতি শোচনীয় হৈ থকা পাথাৰকান্দিৰ পৰা ত্ৰিপুৰা সংযোগী পথটোৱে জ্বলা কলা খুৱাইছে স্থানীয় লোকক ৷
2021 চনৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এই পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ইয়াৰ লগতে কৰিমগঞ্জৰ পৰা চূড়াইবাৰীলৈকে পথ নিৰ্মাণৰ বাবে প্ৰায় চল্লিশ কোটি টকা আবন্টন দিয়া হৈছে বুলিও মন্তব্য কৰে ৷
লগতে পঢ়ক: অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ