কৰিমগঞ্জ, 8 ডিচেম্বৰঃ সংশোধিত কৃষি আইন ২০২০ বাতিলৰ দাবীত কৃষকসকলে মঙলবাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ'ল ত্রিপুৰাতো ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন কৃষক সংগঠনসমূহে ৰাজপথলে উলাই অহি সাব্যস্ত কৰে প্ৰতিবাদ ৷
সমান্তৰালভাৱে আইনখনৰ বিৰোধিতাৰে ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰতিবাদী সমদল উলিয়ায় চিপিএমে ৷ ইফালে, দল সংগঠন সমূহৰ সদস্য সকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, সংশোধিত কৃষি আইন বাতিল কৰক আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তুলে ৷
উল্লেখ্য যে, তেলিয়ামুড়া মহাকুমাত একাংশ সংগঠনৰ সমৰ্থকে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ চেষ্টা কৰাৰ সময়ত বন্ধ সমৰ্থকক আটক কৰে স্থানীয় আৰক্ষীয়ে ৷
লগতে পঢ়কঃ কেৰালা স্থানীয় নিকায় নিৰ্বাচনঃ ৫ খন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ