ETV Bharat / state

কৰিমগঞ্জত মথাউৰি নিৰ্মাণত ব্যাপক কেলেংকাৰী - জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকা

কৰিমগঞ্জত মথাউৰি নিৰ্মাণত ব্যাপক কেলেংকাৰ সংঘটিত হোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । ইফালে ঠিকাদাৰে নিম্নমানৰ জিঅ' বেগ ব্য়ৱহাৰ কৰাৰ ফলতে এজাক বৰষুণত নষ্ট হৈছে শ শ জিঅ' বেগ ৷

Massive scam in Embankment construction in Karimganj
কৰিমগঞ্জত মথাউৰি নিৰ্মাণত ব্যাপক কেলেংকাৰী
author img

By

Published : Jul 4, 2021, 9:03 PM IST

কৰিমগঞ্জ, 4 জুলাই : দক্ষিণ কৰিমগঞ্জৰ খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে ৰূপায়ণ কৰা জিঅ’ বেগ আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কোটি টকীয়া জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ নামত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ যাৰবাবে দক্ষিণ কৰিমগঞ্জত সংস্থাপনৰ কিছু দিন পিছতেই লংগাই নৈ (Longai River)ৰ বুকুত জাহ গৈছে শ শ জিঅ’ বেগ (Geo Bags) ৷

কৰিমগঞ্জৰ তেঘৰিয়া গাঁৱত লংগাই নৈৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ সংস্থাপন কৰা জিঅ’ বেগৰ কামত ব্যাপক দুৰ্নীতি তথা নিম্নমানৰ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইফালে নিৰ্মাণৰ কাম শেষ হোৱাৰ পাচত প্ৰথমজাক বৰষুণতে ফাটি নষ্ট হৈছে কেইবাটাও জিঅ’ বেগ । ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ বাবে বাৰিষা পুনৰ মথাউৰি ছিঙি যোৱাৰ আশংকা কৰিছে নৈ পৰীয়া ৰাইজে । ৰাইজে তোলা অভিযোগৰ ভিত্তিত সাংবাদিকৰ কেমেৰাত পোহৰলৈ আহে সমগ্ৰ দৃশ্য ।

আনহাতে জলসম্পদ বিভাগৰ তথ্য অনুসৰি খহনীয়া প্ৰতিৰোধ কৰা জিঅ' বেগ স্থাপন কৰা কামৰ ঠিকা লাভ কৰিছিল নুৰুল ইছলাম লস্কৰ নামৰ ঠিকাদাৰ জনে ।

কৰিমগঞ্জত মথাউৰি নিৰ্মাণত ব্যাপক কেলেংকাৰী

ইফালে তেঘৰিয়া গাঁৱত দুই স্থান মিলাই সৰ্বমুঠ দুই কৌটি টকাৰ মথাউৰি নিৰ্মাণৰ কাম কৰা হৈছে । এটা প্ৰান্তত আছে 198 মিটাৰ আৰু আনটো প্ৰান্তত আছে 68 মিটাৰ । উক্ত স্থান কেইটাত জিঅ’ বেগৰ কাম ইতিমধ্যে সম্পন্ন হৈ গৈছে । ইয়াৰ বিপৰীতে নুৰুল ইছলাম লস্কৰ নামৰ ঠিকাদাৰ জনে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি ক্ষীপ্ৰতাৰে কাম শেষ কৰি ঠিকাদাৰজন নিৰুদ্দেশ হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ।

আঁচনিৰ মতে জিঅ’ বেগৰ কাম যি ধৰনৰ হ'ব লাগিছিল, সেই ধৰণৰ হোৱা নাই বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে । নিম্নমানৰ জিঅ’ বেগ ব্যৱহাৰ কৰাৰ বাবে এজাক বৰষুণতে জহি খহি গৈছে বুলি অভিযোগ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে নৈ পৰীয়া ৰাইজ ৷ অতি শীঘ্ৰেই উক্ত বিষয়টো তদন্ত কৰি ঠিকাদাৰজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক-আৰক্ষীৰ সমুখতে কটাৰীৰে আত্মহত্যা কৰাৰ চেষ্টা চলালে বাবুলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.