কৰিমগঞ্জ, 29 ছেপ্টেম্বৰঃ দেওবাৰে পুৱতি নিশা কৰিমগঞ্জ চহৰৰ নীলমনি ৰোডত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত 5 টাকৈ বাসগৃহ আৰু দুখন দুকান জুইত জাঁহ যোৱাৰ লগতে এখন ই-ৰিক্সা আৰু এখন বাইক জ্বলি ভষ্মিভূত হয় ৷ এই ঘটনাটোত প্ৰায় 40 লাখ টকাৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পাৰা গৈছে ৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনাটো সংঘটিত হয় ৷ এই অগ্নিকাণ্ডটো সংঘটিত হৈ থকা সময়ত বৈদ্যুতিক ফ্লাচিং হোৱাৰ ভয়াৱহ দৃশ্য আমাৰ সাংবাদিকৰ কেমেৰাত বন্দি হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জুই জ্বলি থকা সময়ত তেওঁলোকে বাৰম্বাৰ শক্তি বিভাগৰ কাৰ্যালয় আৰু অগ্নীনিৰ্বাপক বাহিনীলৈ ফোন কৰিছিল যদিও কাৰ্যালয়ৰ পৰা কোনো ধৰণৰ সহাৰি পোৱা নাছিল ৷ যাৰ ফলতে এটা এটাকৈ 5 টাকৈ বাসৃগৃহ নিমিষতে জুইৰ লেলিহান শিখাত জাহ যায় ৷
শক্তি বিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপায় ৰাইজে শক্তি বিভাগ আৰু অগ্নীনিৰ্বাপক বাহিনীৰ বিৰুদ্ধে ব্যাপক ক্ষোভ উজাৰে ৷ অৱশ্যে ৰাইজে কাৰ্যালয় দুটাত নিজেই উপস্থিত হৈ ঘটনাৰ বিষয়ে জনোৱাতহে শক্তি বিভাগ আৰু অগ্নীনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইতিমধ্যে অগ্নিকাণ্ডটোত ক্ষতিগ্ৰস্ত লোক সকলে চৰকাৰী সহায়ৰ আবেদন জনাইছে ৷