ETV Bharat / state

গ্ৰাহকক ৰামঠগন দি চিলিণ্ডাৰৰ নামত লুন্ঠন গেছ এজেঞ্চীৰ - 5 কেজিকৈ গেছ

কৰিমগঞ্জৰ ৰামকৃষ্ণগৰ এলেকাৰ গাজী গেছ এজেঞ্চীত ৰন্ধন গেছৰ নামত গ্ৰাহকক লুন্ঠন ৷ প্ৰতিটো চিলিণ্ডাৰৰ নামত গ্ৰাহকৰ পৰা গেছ কৰ্তন কৰাৰ অভিযোগ গ্ৰাহকৰ ৷ এজেঞ্চীটোৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰিছে গ্ৰাহকে ৷

LPG gas prices hiked upto Rs 49 per cylinder in karimganj gaji gas agency
গ্ৰাহকক ৰামঠগন দি চিলিণ্ডাৰৰ নামত লুন্ঠন গেছ এজেঞ্চিৰ
author img

By

Published : May 13, 2020, 11:54 AM IST

কৰিমগঞ্জ, 13 মে' : লক্ ডাউনৰ মাজতে কৰিমগঞ্জৰ ৰাতাবাৰীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ উখাপন হৈছে ৷ প্ৰতিটো চিলিণ্ডাৰত প্ৰায় 5 কিলোগ্ৰামকৈ গেছ কম থকাৰ অভিযোগ গ্ৰাহকৰ ৷

অভিযোগ অনুসৰি, ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ৰামকৃষ্ণগৰ এলেকাত থকা গাজী গেছ এজেঞ্চীয়ে নিয়ম বৰ্হিভূতভাৱে ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিতৰণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ গ্ৰাহকে এজেঞ্চীটোৰ পৰা ক্ৰয় কৰা প্ৰতিটো চিলিণ্ডাৰত ওজন কমকৈ থকাৰ অভিযোগ ৷

গ্ৰাহকক ৰামঠগন দি চিলিণ্ডাৰৰ নামত লুন্ঠন গেছ এজেঞ্চিৰ

পৰৱৰ্তী সময়ত অঞ্চলটোৰ সচেতন ৰাইজে এজেঞ্চীটোৰ পৰা ক্ৰয় কৰা চিলিণ্ডাৰ সমূহ একগোট কৰি ওজন কৰাত প্ৰতিটো চিলিণ্ডাৰত 5 কেজিকৈ গেছ কমকৈ থকা বুলি গ্ৰাহকে অভিযোগ প্ৰদান কৰে ৷

আনকি এজেঞ্চীটোৱে প্ৰতিটো চিলিণ্ডাৰৰ নামত নিৰ্ধাৰিত মূল্যৰ পৰিৱৰ্তে 49 টকাতৈ বেছিকৈ লোৱা বুলিও অভিযোগ প্ৰদান কৰে গ্ৰাহকে ৷

শেষত উপায়বিহীন হৈ ভুক্তভোগী গ্ৰাহকে এজেঞ্চীটোৰ এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক জব্দ কৰি কালিবাড়ি আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষী সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনাইছে গ্ৰাহকে ৷

লগতে পঢ়ক : লক্​ ডাউনৰ মাজতে ৮০ কোটিটো অধিক উপাৰ্জন পশুধন নিগমৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.